Breaking

মাত্ৰ এগিলাচ পানীৰ বাবেই চৰ্চালৈ আহিছে কেন্দ্ৰী বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

0 1,085

কেতিয়াবা উচ্চ পদবীত অধিষ্ঠিত হৈ থকা লোক একাংশয়ো এনে কেতবোৰ কাম কৰি দেখুৱায় যি কামে তেনে ব্যক্তিৰ গৰিমা বহু খিনি বঢ়াই তোলে। ভাৰতৰ কেন্দ্ৰীয় বিত্চ মন্ত্ৰী নিৰ্মলা সীতাৰমণেও তেনে কামেই কৰি সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে।
মন্ত্ৰীগৰাকীয়ে মুম্বাইত এক অনুষ্ঠানৰ সময়ত তেওঁৰ মানৱীয় গুণৰ পৰিচয় দি প্ৰশংসা লাভ কৰিছে। উক্ত অনুষ্ঠানটোত ভাষণ দি আছিল নেচনেল চিকিউৰিটিজ ডিপজিটৰী লিমিটেডৰ (এনএছডিএল) পৰিচালনা সঞ্চালক পদ্মজা চুণ্ডুৰুৱে।ভাষণৰ মাজতে চুণ্ডুৰুৱে এগিলাচ পানী বিচাৰিছিল। চুণ্ডুৰুৱৰ এনে অনুৰোধৰ সময়তে অলপো সময় নষ্ট নকৰি বিত্তমন্ত্ৰী সীতাৰমণে তৎক্ষণাৎ নিজৰ আসনৰ পৰা থিয় হৈ চুণ্ডুৰুলৈ এগিলাচ পানী আগবঢ়াই দিয়ে। সীতাৰমণৰ এনে কাৰ্যত আচৰিত হৈ পৰা দৰ্শকসকলে তেওঁক হাততালিৰে প্ৰশংসা কৰে।শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নিৰ্মলা সীতাৰমণৰ এনে মহানুভৱতাৰ এটা ভিডিঅ’ টুইট কৰিছে।যিটো টুইট এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ‘সঁচাকৈয়ে কিছুমান ৰাজনীতিবিদৰ মাজত মানৱতা এতিয়াও জীয়াই আছে ‘— টুইটাৰত এনেদৰে লিখিছে বহুতে।


‘আমাৰ বিত্তমন্ত্ৰী ডাউন টু আৰ্থ লিডাৰ, মই বাংগালোৰত কেতিয়াবা ৰাতিপুৱাৰ আহাৰ খোৱাৰ সময়ত দেখিছিলো তেওঁ এখন সাধাৰণ ৰেষ্টুৰেণ্টত আহাৰ গ্ৰহণ কৰিছে,” আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে।আন এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে—’তেওঁৰ নামত ‘নিৰ্মলতা’ আছে, আৰু এনে কাৰ্যৰ জৰিয়তে তেওঁ সেয়া জীয়াই ৰাখিছে’। উল্লেখ্য লণ্ডনত অধ্যয়ন কৰি থকা সময়তে নিৰ্মলা সীতাৰমণে ৰিগেন্ট ষ্ট্ৰীটত থকা এখন গৃহ সজ্জাৰ সামগ্ৰীৰ দোকানত চেলছ গাৰ্ল হিচাপে কাম কৰিছিল। ইয়াৰ উপৰিও তেওঁ ইউ কেৰ এগ্ৰিকালছাৰ ইঞ্জিনিয়াৰিং এছচিয়েশ্যনত এগৰাকী সহকাৰী অৰ্থনীতিবিদ হিচাপে কিছুদিন কাম কৰে। প্ৰাইচ ৱাটাৰহাউচ আৰু বিবিচি ৱৰ্লড চাৰ্ভিছৰ বাবেও কিছু দিন কাম কৰিছিল নিৰ্মলা সীতাৰমণে। সেই সময়ৰে পৰাই তেওঁ নানান কামৰ জৰিয়তে মানৱতা আৰু দায়বদ্ধতাৰ পৰিচয় দি আহিছে।

Leave A Reply