“ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰৰ উৎপাদন ক্ষমতা ২.৭ মিলিয়ন মেট্ৰিকটনৰ পৰা ৫ মেট্ৰিকটনলৈ বৃদ্ধি কৰা হ’ব। ইয়াৰ বাবে অতিৰিক্তকৈ এক হাজাৰ বিঘা ভূমিৰ প্ৰয়োজন হ’ব।প্ৰয়োজনীয় মাটিৰ সম্পৰ্কে বি টি চি প্ৰমুখ প্ৰমোদ বড়ো আৰু চিৰাং জিলা উপায়ুক্তৰ লগত আলোচনা কৰা হৈছে। ইয়াৰোপৰি চিৰাং জিলাৰ ডাংতলত প্ৰায় দুশ বিঘা ভূমিত স্থাপন কৰা হ’ব হিন্দুস্তান পেট্ৰোলিয়ামৰ এটা ৰিজাৰ্ভাৰ “–এই ঘোষণা দেশৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ। বুধবাৰে মন্ত্ৰী গৰাকীয়ে বঙাইগাঁও শোধনাগাৰ চমুকৈ বি জি আৰৰ উদ্যোগত “আজাদী কা অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি আয়োজিত এক অনুষ্ঠানত এনেদৰে মন্তব্য কৰে। তেওঁ লগতে বি টি আৰত ফুড পাৰ্ক নিৰ্মাণ কৰা হ’ব বুলিও মন্তব্য কৰে। শোধনাগাৰ বিনোদন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সাংবাদিকতা, শিক্ষা, স্বাস্থ্য, সাহিত্য, ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা সেৱাৰ বাবে বঙাইগাঁও আৰু চিৰাং জিলাৰ ৭৫ গৰাকী বিশিষ্ট নাগৰিকক সম্বৰ্ধনা জনায়। সাংবাদিকতাৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে বঙাইগাঁৱৰ তিনিগৰাকী সাংবাদিক ক্ৰমে প্ৰণৱ কুমাৰ ডেকা, প্ৰশান্ত ৰায় আৰু উপানন্দ শৰ্মাক সম্বৰ্ধনা জনায় ৷ উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে দুদিনীয়া কাৰ্যসূচীৰে চিৰাং আৰু বঙাইগাঁও জিলালৈ আহিছিল। মঙলবাৰে উপস্থিত হোৱাৰ পিছতে মন্ত্ৰী তেলীক বি জি আৰৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ প্ৰমুখ এছ পি বৰুৱাই উষ্ম আদৰণি জনায়। নিশা মন্ত্ৰীগৰাকীয়ে বি জি আৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈছিল। বৈঠকত তেলীৰ ওচৰত বঙাইগাঁও শোধনাগাৰৰ বিষয়ে এক উপস্থাপন কৰা হৈছিল। বৈঠকত বি টি চি প্ৰমুখ প্ৰমোদ বড়ো, অসম চৰকাৰৰ চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, ৰামেশ্বৰ তেলীৰ সচিব বীৰেন্দ্ৰ মিট্টাল, চিৰাং জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰা উপস্থিত আছিল । তেলীয়ে বঙাইগাঁও শোধনাগাৰৰ চি এছ আৰৰ পদক্ষেপৰ ওপৰত বিশেষ গুৰুত্ব দি বঙাইগাঁও শোধনাগাৰৰ প্ৰদৰ্শনৰ পৰ্যালোচনা কৰিছিল। চি এছ আৰৰ অধীনৰ পদক্ষেপক প্ৰশংসা কৰি তেলীয়ে প্ৰকল্পবোৰ বৃদ্ধি কৰাৰ বাবে মূল্যৱান পৰামৰ্শ আগবঢ়ায়। তেওঁ লগতে কয় যে ইণ্ডিয়ান অইলে কেৱল ৰাষ্ট্ৰক ইন্ধন যোগাই অহা নাই, ৰাষ্ট্ৰীয় সংকটৰ সময়ত সদায় ৰাষ্ট্ৰৰ কাষত থিয় দি আহিছে আৰু ইয়াৰ সামূহিক উন্নয়নমূলক কাৰ্যকলাপৰ জৰিয়তে সেৱা আগবঢ়াই আহিছে। ইণ্ডিয়ান অইল অফিচাৰ এছ’চিয়েচনৰ বি জি আৰ ইউনিট আৰু বি জি আৰ এমপ্লয়িজ ইউনিয়নৰ সদস্যসকলেও তেলীক উষ্ম আদৰণি জনায়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেলীয়ে সম্বৰ্দ্ধিত ব্যক্তিসকলক তেওঁলোকে আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে অভিনন্দন জ্ঞাপন কৰে।তেলীয়ে তেল আৰু গেছ খণ্ডত তেওঁৰ মন্ত্ৰালয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে অৱগত কৰে। বি জি আৰৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ প্ৰমুখ এছ পি বৰুৱাই আদৰণি ভাষণত সম্বৰ্ধনা জ্ঞাপন কৰিবলগীয়া বিশিষ্ট ব্যক্তিসকলক অভিনন্দন জনায়। আনহাতে সম্বৰ্দ্ধিত ব্যক্তিসকলেও তেওঁলোকক প্ৰদান কৰা স্বীকৃতিৰ বাবে মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু আজাদী কা অমৃত মহোৎসৱ আয়োজন কৰাৰ বাবে বঙাইগাঁও শোধনাগাৰকো প্ৰশংসা কৰে। অনুষ্ঠানত মন্ত্ৰী তেলীৰ উপৰিও বি টি চি প্ৰমুখ প্ৰমোদ বড়োইও চমু বক্তব্য ৰাখে ৷ অনুষ্ঠানত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰয়, বি টি চিৰ পাৰিষদ মাধৱ চন্দ্ৰ ছেত্ৰী, জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, জিলা আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Breaking
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শাকিৰাৰ ‘ৱাকা ৱাকা’ গানত কঁকাল ভাঙি ভাঙি নৃত্য কৰিলে এগৰাকী বৃদ্ধই।কিন্তু কিয়? ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হ’ল ভিডিঅ’
- কিহৰ বাবে খং কৰিছে পোহনীয়া ভাটৌ চৰাইটিয়ে? এটা এটাকৈ সকলো ঘৰৰ বাচন-বৰ্তন দলিয়াবলৈ আৰম্ভ কৰিলে
- কি অদ্ভুত ৰীতি-নীতি, নৱ বিবাহিত দম্পতীয়ে বিয়াৰ ৩ দিনৰ বাবে যাব নোৱাৰে শৌচাগাৰলৈ। কইনাই কান্দিছে পেটৰ বিষত!
- অজয় দেৱগনে নয়ডা ৰ’ডত ষ্টাইলত ষ্টাণ্ট কৰিছিল, আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে দেৱগনৰ ওপৰত
- ছিপাঝাৰ সমষ্টিৰ প্ৰায় ৭০ গৰাকী ব্যক্তিয়ে আপত যোগদান কৰে
- দৈনিক খোজ খোজ কঢ়াৰ পিছতো আপোনাৰ ওজন হ্ৰাস হোৱা নাই নেকি? তেন্তে কি কৰিব…
- অজয় দেৱগনৰ জীয়ৰী নাইচা দেৱগনে লণ্ডনত বন্ধুবৰ্গৰ সৈতে পাৰ্টী কৰিলে; তাৰপিছত কি হ’ল! পাৰ্টীত কোনে ignore কৰিলে নাইচা দেৱগনক
- আজিৰ পৰা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ–মূল্যয়কৰ দৃষ্টি আকৰ্ষণৰ বাবে বিভিন্ন বিষয় উপস্থাপন–উৎসৱমুখৰ বিদ্যালয়ৰ পৰিৱেশ
- ২০০০ বৰ্গফুটত ২০০ বিধ উদ্ভিদৰ শাক-পাচলি খেতি কৰে এগৰাকী গৃহিণীয়ে
- ZEE TV ৰ জনপ্রিয় ৰিয়েলিটী শ্ব’ DID Little Master Season-5 ত উজলিছে চিলাপথাৰ ফুলবাৰীপথাৰৰ ৫ বছৰীয়া আধ্যাশ্রী উপাধ্যায়