কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক সোনোৱাল কছাৰী সাহিত্য সভাৰ সম্বৰ্ধনা

যোৱা ইং ২৪-০৮-২০২১ তাৰিখে সোনোৱাল কছাৰী সাহিত্য সভাৰ এটা সজাতী দলে আশীৰ্বাদ যাত্ৰাৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু আয়ুস বিভাগৰ মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ডিব্ৰুগড়স্থ বাসভৱনত উপস্থিত হৈ এখনি সম্বৰ্ধনা পত্ৰ, সোনোৱালী গামোচা আৰু শৰাইৰে সম্বৰ্ধনা প্ৰদান কৰে আৰু এক সৌহাদ্যমূলক আলোচনাত মিলিত হয়। উল্লেখযোগ্য যে বিগত চৰকাৰৰ দিনতে অসমৰ সাহিত্য সভাসমূহক “ভাষা গৌৰৱ আঁচনি”ৰ অধীনত ন্যাস হিচাপে অনুদান দিয়া হৈছিল আৰু তাৰে ভিতৰত সোনোৱাল কছাৰী সাহিত্য সভাইও এক কোটি আশী লাখ টকাৰ ন্যাস অনুদান লাভ কৰিছিল। উক্ত আলোচনা কালতে সোনোৱাল কছাৰী সাহিত্য সভাৰ আগন্তুক অধিৱেশনত প্ৰকাশ হ’বলগা ১০০খন গ্ৰন্থৰ উন্মোচনী সভালৈ তেখেতক আমন্ত্ৰণ জনোৱা হয়। সোনোৱাল কছাৰী সাহিত্য সভাৰ হৈ সজাতী দলৰ প্ৰতিনিধিত্ব কৰে ক্ৰমে শিৱনাথ সোনোৱাল, অহিন্দ্ৰ শইকীয়া, পোনা সোনোৱাল, ঠানুৰাম সোনোৱাল,তোষেশ্বৰ সোনোৱাল, অনিমা সোনোৱালে।

Related Articles