Breaking

ছাংহাই সহযোগিতা সংস্থাৰ অধীনত গুৱাহাটীত B2B Conference আৰু Expo on Traditional Medicine উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

0 88

ছাংহাই সহযোগিতা সংস্থা (SCO)ৰ অধীনত গুৱাহাটীত প্ৰথম B2B Conference & Expo on Traditional Medicine উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।ভাৰতে এছ চি অ’ৰ সভাপতিত্ব গ্ৰহণ কৰাৰ লগে লগে অসমলৈ অহা সকলো প্ৰতিনিধি আন্তৰিক আদৰণি জনাই। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দৃষ্টিভংগীৰে ভাৰতে পৰম্পৰাগত চিকিৎসা বিজ্ঞানত বিশ্বব্যাপী নেতৃত্ব গ্ৰহণ কৰিছে।

আয়ুষ, আমাৰ প্ৰাচীন ঐতিহ্য এতিয়া বিশ্বব্যাপী গণ আন্দোলনলৈ পৰিণত হৈছে। আয়ুৰ্বেদত খাদ্যই সুস্বাস্থ্য কঢ়িয়াই অনাৰ কথা কয়। পৰম্পৰাগত চিকিৎসাৰ ওপৰত বি টু বি কনফাৰেন্স আৰু এক্সপ’ই সদস্য ৰাষ্ট্ৰসমূহক তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শন আৰু বজাৰ অন্বেষণ কৰাৰ নিখুঁত সুযোগ প্ৰদান কৰিব। বিশ্ব স্বাস্থ্যৰ উন্নতিৰ বাবে ই এক ফলপ্ৰসূ অনুষ্ঠান হ’ব বুলি বিশ্বাস কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Leave A Reply