Breaking

ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সৈতে মত-বিনিময় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

0 668

আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আৰু ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ  উপলক্ষ্যে আজি ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময়ৰ কৰি অতীত ৰোমন্থন কৰে কেন্দ্ৰীয় জাহাজ, বন্দৰ, জলপৰিবহন আৰু আয়ুস দপ্তৰৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিচাপে মহাবিদ্যালয়খনত অধ্যয়ন কৰি থকা সময়ত কেনেকৈ পাৰ কৰিছিল তাক ৰোমন্থন কৰি আবেগিক হৈ পৰে।

হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ অতীতৰ শিক্ষা,সাংস্কৃতিক,ক্ৰীড়া গৌৰৱ অটুত ৰাখিবলৈ ছাত্ৰ-ছাত্ৰ-ছাত্ৰীসকলৰ লগতে মহাবিদ্যালয়ৰ কতৃপক্ষক আহ্বান জনায়।মন্ত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰীক যুগা আৰু আয়ুসৰ উপকাৰিতা সন্দৰ্ভত বক্তব্য ৰাখে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শশীকান্ত শইকীয়াই আদৰণি ভাষণ আগবঢ়োৱাৰ মত-বিনিময়ৰ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ লগতে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ- ছাত্ৰীৰ আৰু শিক্ষক-কৰ্মচাৰী উপৰিও শুভাকাংক্ষী সকলে অংশ গ্ৰহন কৰে।

ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ প্ৰতিবেদন

Leave A Reply