Breaking

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কলকাতাত ৰাষ্ট্ৰীয় হোমিঅ’পেথি প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে

0 77

কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে কলকাতাত আয়ুষ মন্ত্ৰালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় হোমিঅ’পেথি প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি নিৰ্মাণ তথা ক্ষমতা বৃদ্ধিৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

সোণোৱালে সোমবাৰে ৰাষ্ট্ৰীয় হোমিঅ’পেথি প্ৰতিষ্ঠানৰ এটা নতুন বহুমহলীয়া ছাত্ৰাবাসৰ আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ২০২১ চনত প্ৰতিষ্ঠানখন ভ্ৰমণ কৰাৰ সময়ত এই ছাত্ৰাবাস স্থাপনৰ কথা ঘোষণা কৰিছিল। প্ৰতিষ্ঠানখনৰ আন্তঃগাঁথনি যথেষ্ট বৃদ্ধি কৰি আয়ুষ মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে বৰ্তমান ১০০ খন বিছনাযুক্ত ৰাষ্ট্ৰীয় হোমিঅ’পেথি প্ৰতিষ্ঠানৰ ক্ষমতা ১৫০ খন অতিৰিক্ত বিছনাৰদ্বাৰা ২৫০ খনলৈ উন্নীত কৰা হ’ব।

‘মেক ইন ইণ্ডিয়া’ৰ দৃষ্টিভংগী ত্বৰান্বিত কৰাৰ লক্ষ্যৰে সোণোৱালে হোমিঅ’পেথিক ঔষধ উৎপাদনৰ বাবে প্ৰতিষ্ঠান চৌহদত এটা উৎপাদন গোট শীঘ্ৰে স্থাপন কৰা হ’ব বুলিও ঘোষণা কৰে।

তদুপৰি, স্নাতকোত্তৰ মহলাৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে প্ৰতিষ্ঠানৰ চৌহদত দুটা হোষ্টেল নিৰ্মাণ কৰা হ’ব বুলিও সোণোৱালে ঘোষণা কৰে। প্ৰতিষ্ঠানখনৰ নতুন ছাত্ৰাবাস আনুমানিক ৪৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব। আজিৰ এই অনুষ্ঠানটোত কেন্দ্ৰীয় আয়ুষ তথা মহিলা আৰু শিশু বিকাশ ৰাজ্যিক মন্ত্ৰী ডাঃ মহেন্দ্ৰভাই মুঞ্জপাৰা, আয়ুষ মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ লগতে ৰাষ্ট্ৰীয় হোমিঅ’পেথি প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক ড° সুভাষ সিঙো উপস্থিত থাকে।

 

ল’ৰাৰ বাবে বহুমহলীয়া হোষ্টেলত জি+৭ মহলা থাকিব আৰু আন দুটা মহলা যোগ দিয়াৰ ব্যৱস্থা থাকিব। ইয়াত ৰাষ্ট্ৰীয় হোমিঅ’পেথি প্ৰতিষ্ঠানৰ ৪০০ জন স্নাতক মহলাৰ শিক্ষাৰ্থী থাকিব পাৰিব। লক্ষণীয় যে প্ৰতিষ্ঠানখনত ছোৱালীসকলৰ বাবে এটা হোষ্টেল পূৰ্বতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিছিল। 

কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ভাষণ প্ৰসংগত কয়, “হোমিঅ’পেথিৰ শিক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে কেইবাটাও পদক্ষেপ ৰূপায়ণ কৰাৰ দিশত অগ্ৰসৰ হ’বলৈ পাই আমি আনন্দিত হৈছোঁ। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত পৰম্পৰাগত ঔষধি পদ্ধতিবোৰে যথেষ্ট গতিশীলতা লাভ কৰিছে। এই গতিক অধিক ত্বৰান্বিত কৰিবলৈ আৰু সংশ্লিষ্ট আয়ুষ প্ৰতিষ্ঠানবোৰক ‘স্বাস্থ্যবান ভাৰত’ৰ অনুঘটক হিচাপে গঢ়াৰ উদ্দেশ্যত আমি ক্ষিপ্ৰতাৰে কাম কৰি আছোঁ। ইয়াৰ বাবে আয়ুষ খণ্ডত অধিক চিকিৎসক গঢ় দিয়াতো আমি মনোনিৱেশ কৰিছোঁ। আমি ৰাষ্ট্ৰীয় হোমিঅ’পেথি প্ৰতিষ্ঠানক নিদানিক উৎকৰ্ষতাৰ প্ৰাণকেন্দ্ৰ হিচাপে সক্ষম আৰু শক্তিশালী কৰিবলৈ অহোপুৰুষাৰ্থ কৰি আছোঁ। আজি ৰাষ্ট্ৰীয় হোমিঅ’পেথি প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি আৰু ক্ষমতা বৃদ্ধিৰ বাবে লোৱা নতুন পদক্ষেপবোৰে হোমিঅ’পেথিৰ শিক্ষাৰ্থীসকলক যথেষ্ট উপকৃত কৰিব বুলি আমি আশাবাদী।”

সোণোৱালে লগতে কয়, “দেশৰ পৰম্পৰাগত ঔষধ, বিশেষকৈ হোমিঅ’পেথিৰ প্ৰসাৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় হোমিঅ’পেথি প্ৰতিষ্ঠানৰ ভূমিকাৰ শলাগ লৈছোঁ। ইয়াৰ জৰিয়তে সহস্ৰাধিক লোকে গুণগত স্বাস্থ্য সেৱা লাভ কৰি আছে। ই দেশৰ স্বাস্থ্য সেৱাৰ দিশত, বিশেষকৈ পশ্চিম বংগত পৰম্পৰাগত চিকিৎসা সেৱাৰ মান যথেষ্ট উন্নীত কৰিছে। প্ৰতিষ্ঠানখনে নিৰন্তৰ উৎকৰ্ষতাৰ দিশত চেষ্টা কৰিব লাগিব আৰু পৰম্পৰাগত ঔষধি পদ্ধতিবোৰক জনকল্যাণাৰ্থে অধিক ত্বৰান্বিত কৰিব লাগিব। হোমিঅ’পেথি হৈছে ভাৰতত, বিশেষকৈ পশ্চিম বংগত বহুলভাৱে জনপ্ৰিয় এক ঔষধি পদ্ধতি। পণ্ডিত ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দৰে মনীষীৰ অগ্ৰণী ভূমিকায়ো পশ্চিম বংগত হোমিঅ’পেথিৰ বহুল জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতা বৃদ্ধি কৰি থৈ গৈছে। হোমিঅ’পেথিকে ধৰি আয়ুষ খণ্ডৰ বিস্তৃতি বঢ়োৱাৰ লক্ষ্যৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধুনিক চিকিৎসা পদ্ধতিৰ সৈতে আয়ুষৰ একত্ৰিকৰণত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।”

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় হোমিঅ’পেথি প্ৰতিষ্ঠানে আয়ুষ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় ঔষধি গছপুলি ৰোপণ পৰিষদৰ সহায়ত আনুমানিক ২৫ লাখ টকাৰ বিনিয়োগেৰে ঔষধি উদ্ভিদৰ এখন সুবিশাল ভেষজ বাগিচাও বিকশিত কৰি আছে। তদুপৰি, প্ৰতিষ্ঠানখনে কৰ্কট ৰোগৰ চিকিৎসা সম্বন্ধীয় সহযোগিতামূলক গৱেষণাৰ বাবে বুজাবুজিৰ চুক্তিৰ জৰিয়তে ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, এইমছ্ আদি অগ্ৰণী প্ৰতিষ্ঠানৰ সৈতে কাম কৰি আছে।

Leave A Reply