ডিৰাক সীমান্ত
যোৱা ২৭ মাৰ্চৰ পূৱা বাঘজান ৫ নং গেছ কূপত বিস্ফোৰণ সংঘটিত হৈ অপৰিবৰ্তিত অৱস্থাত নিৰ্গমন হৈ আছিল গেছ আৰু কন্ডেনছেট । চিংগাপুৰৰ পৰা অহা বিশেষজ্ঞ দলটোৱে গেছ বিস্ফোৰণৰ ১৪দিনৰ দিনা কূপটো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটি বিভিন্নজনৰ ঘৰবাৰী নিঃশেষ হ’ল । অন্যহাতে উক্ত অগ্নিকাণ্ডৰ পৰা নিজকে ৰক্ষা কৰিবলৈ জলাশয়ত জাপ দিয়াৰ ফলত প্ৰাণ গৈছিল অইল ইণ্ডিয়া লিমিটেডৰ অগ্নি নিৰ্বাপক বাহিনীৰ দুজনকৈ কৰ্মচাৰীৰ । ভয়ত ত্ৰস্তমান ৰাইজে এতিয়া নিজৰ হেঁপাহৰ ঘৰখন এৰি থাকিব লগা হৈছে আশ্ৰয় শিবিৰত । যোৱা ইংৰাজী ১০ আৰু ১১ জুন তাৰিখে ক্ৰমে অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী, কৃষি মন্ত্ৰী অতুল বৰাই বাঘজানৰ পৰিস্থিতি বুজ লবলৈ আহিছিল যদিও ৰাইজক আশ্বস্ত কৰাৰ বিপৰীতে জ্বলা জুইত ঘিঁউ ঢলাৰ দৰে মন্তব্য কৰি শেষত সংবাদ মাধ্যমকহে দোষাৰোপ কৰে । আজি পুনৰ দেশৰ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে কেন্দ্রীয় পেট্ৰোলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বাঘজনত উপস্থিত হৈ গেছ কূপটো পৰ্যবেক্ষণ কৰাৰ লগতে আশ্ৰয় শিবিৰত সোমাই ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লয় । কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত বাঘজানক নতুনকৈ গঢ়াৰ মানসেৰে বাঘজানত বান খহনীয়া প্ৰতিৰোধৰ বাবে ২৭ কোটি টকা ঘোষণা, বাঘজানত একোখনকৈ মডেল হস্পিটেল, পশু চিকিৎসাল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন, বাঘজান অঞ্চলৰ পৰা তিনিচুকীয়ালৈ যাতায়তৰ সুবিধাৰ্থে এটি পকী পথ নিৰ্মাণ, মাগুৰি মতাপুং বিল পৰিষ্কাৰ কৰাৰ সম্পূৰ্ণ দায়িত্ব অইল ইণ্ডিয়া লিমিটেডে লব লাগিব, ভাৰত চৰকাৰ, অসম চৰকাৰ, অইল ইণ্ডিয়া লিমিটেডে মিলি মতাপুং মাগুৰি বিলক পৰ্যটকৰ বাবে এটা আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰবিন্দু হিচাপে গঢ় দিয়া, অঞ্চলটোৰ যুৱ উন্নয়নৰ বাবে দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰা আৰু মহিলাসকলৰ আত্ম সহায়ক গোটৰ বাবে বিশেষ আৰ্থিক সাহায্য প্রদান কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । লগতে অঞ্চটোৰ ৰাইজৰ কিমান কি ক্ষয়-ক্ষতি হ’ল তাৰ সকলো পৰীক্ষা নিৰিক্ষা কৰি উচিত ক্ষতিপূৰণৰ দিয়াৰ কথা উল্লেখ কৰে । এতিয়া বাঘজান বাসীৰ প্ৰশ্ন অনাগত দিনত এই সকলোবোৰ ঘোষণা কাৰ্যকৰী হ’বনে নহয় ?

