কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক অনুষ্ঠানৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত হিন্দী বাধ্যতামূলক হ’ব এক মন্তব্য কৰিছে। তেওঁ কৈছে যে, উত্তৰ পূৰ্বাঞ্চলত ২২,০০০ হিন্দীৰ শিক্ষক নিযুক্তি দিয়া হৈছে। তেওঁ কৈছে, উত্তৰপূৰ্বাঞ্চলৰ মুঠ ৯ টা জনজাতিয়ে দেৱনাগিৰী লিপি গ্ৰহণ কৰিছে । অনুষ্ঠানত তেওঁ কয়, এই ৮ খন ৰাজ্যত দশম শ্ৰেণীলৈকে চৰকাৰে হিন্দী বাধ্যতামূলক কৰাৰ দিশটোত একমতত উপনিত হৈছে।
উল্লেখ্যে যে বৃহস্পতিবাৰে দিল্লীত অনুষ্ঠিত হোৱা চৰকাৰী ভাষাৰ সংসদীয় সমিতিৰ বছেৰেকীয়া সভাৰ অধ্যক্ষতা কৰি এই মন্তব্য কৰিছে। অনুষ্ঠানত তেওঁ কয় যে, দেশৰ বিভিন্ন ৰাজ্যৰ লোকসকলে ইংৰাজীৰ পৰিৱৰ্তে হিন্দীত কথা পাতিব লাগে। প্ৰধানমন্ত্ৰী মোডীৰ প্ৰসংগৰে তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলো চৰকাৰী কাম-কাজ চৰকাৰী ভাষাত পৰিচালনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে হিন্দী ভাষাৰ জৰিয়তে দেশক একতাৰ এনাজৰীৰে বান্ধিব লাগে। তেওঁ অ-হিন্দীভাষী ৰাজ্যসমূহৰ লোকসকলক হিন্দীত মনৰ ভাৱ আদান প্ৰদান কৰাৰ বাবেও পৰামৰ্শ প্ৰদান কৰিছে।

