বঙাইগাঁও বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ বৃহৎ জয় ।University of Bongaigaon

 University of Bongaigaon । বঙাইগাঁও বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ বৃহৎ জয়

সভাপতি, সাধাৰণ সম্পাদক পদকে ধৰি ১৫ টাৰ ১৪ টা পদেই কৰিলে দখল

বঙাইগাঁও বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ প্ৰথম বাৰৰ বাবে অনুষ্ঠিত নিৰ্বাচনত অসম ছাত্ৰ পৰিষদে বৃহৎ জয়লাভ সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ৷ শুকুৰবাৰে অনুষ্ঠিত বঙাইগাঁও বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নির্বাচনত অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীয়ে ১৫ টা পদৰ ভিতৰত ১৪ টা পদতে দখল কৰিবলৈ সক্ষম হৈছে ৷

আনহাতে এটা পদত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাৰ্থী জয়ী হৈছে ৷ উল্লেখ্য যে ছাত্ৰ একতা সভাৰ ১৫ টা পদৰ ভিতৰত ২ টাকৈ পদত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল অসম ছাত্ৰ পৰিষদ সমৰ্থিত প্ৰাৰ্থী ৷ শুকুৰবাৰে সভাপতি, উপ সভাপতি, সাধাৰণ সম্পাদক ,সহকাৰী সাধাৰণ সম্পাদক আদিকে ধৰি ১৩ টা পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ কিন্তু নিৰ্বাচন অনুষ্ঠিত হোৱা ১৩ পদৰ ভিতৰত ১২ টা পদতে অসম ছাত্ৰ পৰিষদ সমৰ্থিত প্ৰাৰ্থীয়ে জয় লাভ কৰিবলৈ সক্ষম হয় ৷ বঙাইগাঁও বিশ্ববিদ্যালয় ছাত্ৰ কল্যাণ সঞ্চালকৰ কাৰ্যালয়ৰ উদ্যোগত সঞ্চালক ৰূপনাথ ওৱাৰীৰ তত্বাৱধানত অনুষ্ঠিত স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীসকলে অংশ গ্ৰহণ কৰি নিজৰ পচন্দৰ প্ৰাৰ্থীসকলৰ সপক্ষে ভোটদান কৰে ৷

ইপিনে শান্তিপূৰ্ণভাবে ভোট গ্ৰহণৰ অন্তত ঘোষিত ফলাফল অনুসৰি অসম ছাত্ৰ পৰিষদৰ প্ৰাৰ্থী বিমলেন্দু কুমাৰ ঘোষে ১,১৭৬ টা ভোট লাভ কৰি সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ বিপৰীতে অসম ছাত্ৰ পৰিষদৰে ৰুদ্ৰমণি ৰায়ে ১,৪১৯ টা ভোট লাভ কৰি সাধাৰণ সম্পাদক পদত জয় লাভ কৰে ৷ সেইদৰে অন্যান্য পদত বিজয়ী হোৱা অসম ছাত্ৰ পৰিষদৰ প্ৰাৰ্থীসকলৰ ভিতৰত উপ সভাপতি পদত সৰিভা দৈমাৰী, সহকাৰী সাধাৰণ সম্পাদক পদত পূজা বিশ্বাস, সাহিত্য সম্পাদক পদত হীৰকজ্যোতি খাকলাৰী, সাংস্কৃতিক সম্পাদক পদত মুচকান শৰ্মা, গুৰু খেল সম্পাদক পদত পীযুষ দাস, ক্ৰীড়া সম্পাদক পদত আমিনুৰ আলী, ছাত্ৰ জিৰণী কোঠা সম্পাদক পদত মণিৰাম ৰায়, ছাত্ৰী জিৰণী কোঠা সম্পাদিকা পদত মৰমী নাথ, শৰীৰচৰ্চা সম্পাদক পদত নিউটন বড়ো আৰু সমাজ সেৱা সম্পাদকৰ পদত কহিনুৰ খাতুন ৷ সেইদৰে ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা অসম ছাত্ৰ পৰিষদৰ প্ৰাৰ্থী দুজন হ’ল সংগীত সম্পাদক পদত নীহা কলিতা আৰু তৰ্ক আৰু আলোচনা চক্ৰ সম্পাদক পদত চাকিল আফতাপ ৷ আনহাতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পৰা জয় লাভ কৰা একমাত্ৰ প্ৰাৰ্থীজন হ’ল লঘু খেল সম্পাদক সমীৰণ ৰায় ৷ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে বিশ্ববিদ্যালয় চৌহদত আনন্দমুখৰ পৰৱেশৰ সৃষ্টি হয় ৷

ইপিনে উপাচাৰ্য অধ্যাপক তৰণী ডেকাই নৱনিৰ্বাচিত ছাত্ৰ একতা সভাৰ প্ৰতিনিধিসকলক অভিনন্দন জনাই বিশ্ববিদ্যালয়খনৰ শৈক্ষিক আৰু সামগ্ৰিক উন্নয়নৰ বাবে সামূহিকভাৱে কাম কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে অহা ২৩ অক্টোবৰৰ বিয়লি ৩ বজাত বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব শপত গ্ৰহণ অনুষ্ঠান।

Related Articles