Breaking

কোঁৱৰপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ

0 2,065

শিৱসাগৰ সদৰ থানাৰ অন্তৰ্গত পশ্চিম  কোঁৱৰপুৰ মৌজাৰ বাৰেঘৰীয়া বনগাৱঁত আজি পুৱা এজন অচিনাক্ত যুৱকৰ মৃতদেহ  উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে।জানিব পৰা মতে মৃতদেহটো গাওঁখনৰ পথাৰৰ মাজত থকা এখন বাৰীৰ চাৰিসীমাৰ বেৰাৰ কাটা তাঁৰৰ মাজত মূৰটো সোমাই থকাৰ লগতে বাকী অংশ মাটিত আছিল।পিন্ধনত কলা ৰঙৰ এটা জিনছ পেন্ট আৰু মাটি ৰঙৰ এটা জেকেট পৰিহিত যুৱকজনজনৰ  মুখমণ্ডল ফুলি থকাৰ লগতে এটা দাত ভঙা আৰু ভৰিৰ আঠুত কটা দাগ চাই যুৱকজনক কোনো লোকে হত্যা কৰি সেই স্থানত পেলাই থৈ যোৱা বুলি স্থানীয় লোকে সন্দেহ কৰিছে। অন্যহাতে স্থানীয় লোকে আজি পথাৰলৈ যাওঁতে  মৃতদেহটো প্ৰত্যক্ষ কৰি শিৱসাগৰ আৰক্ষীক খবৰ দিয়ে। পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।মৃতদেহটো বতমানেও চিনাক্ত কৰা হোৱা নাই।

Leave A Reply