Breaking

অবিবাহিত লোকে পাব পেঞ্চন! কি কি নথি-পত্ৰ প্ৰয়োজন হ’ব জানিবলৈ পঢ়ক…

0 108

অবিবাহিত লোকে পাব পেঞ্চন! কি কি নথি-পত্ৰ প্ৰয়োজন হ’ব জানিবলৈ পঢ়ক! হাৰিয়ানা চৰকাৰে অবিবাহিত লোকৰ বাবে পেঞ্চন আঁচনি অনাৰ কথা চিন্তা কৰিছে। এই সন্দৰ্ভত কৰ্ণালত এখন ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে ঘোষণা কৰিছে। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কয় যে চৰকাৰে পেঞ্চন অনাৰ কথা চিন্তা কৰিছে অবিবাহিত লোকৰ বাবে। লগতে মুখ্যমন্ত্ৰী খট্টৰে কয় যে তেওঁৰ চৰকাৰে এমাহৰ ভিতৰত এই আঁচনি সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব। কাৰ্যসূচীৰ সময়ত এজন ৬০ বছৰীয়া অবিবাহিত ব্যক্তিয়ে পেঞ্চন সন্দৰ্ভত কৰা অভিযোগৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কয় যে তেওঁৰ চৰকাৰে এখন আঁচনি আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে। তাৰ পিছত ৪৫-৬০ বছৰ বয়সৰ অবিবাহিত লোক এই আঁচনিৰ অন্তৰ্ভুক্ত হ’ব।

অবিবাহিত আৰু বিধৱাৰ বাবে পেঞ্চনঃ ২০২৪ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে ঘোষণা কৰিছে অবিবাহিত আৰু বিধৱাৰ বাবে পেঞ্চন। বৃদ্ধসকলৰ পেঞ্চন ৩ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী খট্টৰে। অহা ৬ মাহৰ বাবে এই প্ৰযোজ্য হ’ব। অৱশ্যে চৰকাৰৰ লগত জড়িত জেজেপিয়ে বৃদ্ধ পেঞ্চন ৫ হাজাৰ টকালৈ বৃদ্ধিৰ বাবে হেঁচা প্ৰয়োগ কৰা বুলিও শুনা গৈছিল। খট্টৰে কয় যে তেওঁ ৫১০০ টকা নহয়, ৩ হাজাৰ টকাৰ পেঞ্চনৰ প্ৰতিশ্ৰুতি দিছিল। তিনি হাজাৰ পেঞ্চন দি আমি আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিলোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।

তাৎপৰ্যপূৰ্ণভাৱে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ চৰকাৰে ৪৫-৬০ বছৰ বয়সৰ অবিবাহিত আৰু বিধৱাক পেঞ্চন দিয়াৰ কথা চিন্তা কৰিছে। স্বামীৰ মৃত্যুৰ পিছত ইতিমধ্যে বিধৱা মহিলাসকলক পেঞ্চন দিয়া হৈছে। যাতে তেওঁ আৰ্থিকভাৱে দুৰ্বল নহয়। কিন্তু এতিয়া হাৰিয়ানা চৰকাৰে এনে পুৰুষকো পেঞ্চন দিব।

Leave A Reply