Breaking

অসম সাহিত্য সভাৰ মজিয়াত নীতিহীন, নৈতিকতাহীন কার্যকলাপক প্ৰশ্ৰয় দিয়া নহ’বঃমৰিগাৱঁৰ বাচনাঘাট শতদল শাখা সাহিত্য সভাৰ দ্বিতীয় বার্ষিক প্রতিষ্ঠা দিৱসত প্রধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মা

0 28

“এখন বোৱতী নৈ কেতিয়াবা ফেনে ফোটোকাৰে ওফন্দি উঠে, কেতিয়াবা শুকাই জলহীন হৈ পৰে, তদ্রূপ অসম সাহিত্য সভাও কেতিয়াবা গৰিমাৰে উজলি উঠে, কেতিয়াবা নেতিবাচক সমালোচনাৰে প্রত্যাহ্বানৰ সন্মুখীন হয় ” এই মন্তব্য অসম সাহিত্য সভাৰ প্রধান সম্পাদক ডঃ উপেন্দ্রজিৎ শৰ্মাৰ। দেওবাৰে মৰিগাওঁ জিলা সাহিত্য সভাৰ অন্তর্গত মাত্ৰ দুবছৰৰ আগতে গঠন হোৱা বাচনাঘাট শাখা সাহিত্য সভাৰ দ্বিতীয় বার্ষিক প্রতিষ্ঠা দিৱসৰ মুকলি সভাত প্রধান সম্পাদকে মুখ্য অতিথি হিচাপে ভাষণ দি ভাষণ প্ৰসংগত এই মন্তব্য কৰে।

উল্লেখ্য নৱগঠিত বাচনাঘাট শাখা সাহিত্য সভাই গঠন হোৱাৰ দুবছৰৰ ভিতৰতে ১০৪ গৰাকী আজীৱন সদস্য সংগ্রহ কৰি শতদল শাখাৰ মর্যদা অর্জন কৰাৰ বাবে তেওঁলোকক উৎসাহিত কৰাৰ উদ্দেশ্যে বিশিষ্ট সাংবাদিক আৰু অসম সাহিত্য সভাৰ কর্মকৰ্তা মধুসূধন মেধি সহ বাচনাঘাটত উপস্থিত হৈ প্রধান সম্পাদক শৰ্মাই নিজ হাতে মুকলি সভাত শাখাৰ সভাপতি কুশল কুমাৰ বৰাৰ হাতত অসম সাহিত্য সভাই প্ৰদান কৰা শতদল শাখাৰ স্বীকৃতি পত্র অর্পন কৰে। বর্তমান অসম সাহিত্য সভাৰ অভ্যন্তৰৰ খেলি মেলি সন্দৰ্ভত- কঠোৰ স্থিতি প্রকাশ কৰি প্রধান সম্পাদক গৰাকীয়ে কাৰো নাম উল্লেখ নকৰাকৈ কয়, ‘আজি অসম সাহিত্য সভাৰ প্রতি আঙুলি টোৰোৱা হৈছে । এচাম লোকৰ কর্মকাণ্ডৰ বাবে সাহিত্য সভা আজি সমালোচিত হৈছে। অসম সাহিত্য সভাৰ মজিয়াত নীতিহীন, নৈতিকতাহীন কার্যকলাপক প্রশ্ৰয় দিয়া নহ‌’ব’।

তেওঁ আৰু কয়, ‘জীৱন থাকিলে জীৱিকা থাকিবই। কিন্তু অসম সাহিত্য সভাক জীৱিকা উপার্জনৰ আহিলা কৰিবলৈ দিয়া নহব। এনে দুষ্কৰ্মত লিপ্ত সকলে আজি বদনামৰ ভাগি কৰিছে। কোনো শাখা সভা বা জিলা সভাই এনে অপকর্ম কৰা নাই, অসম সাহিত্য সভাৰ মুষ্টিমেয় প্রাক্তন কর্মকর্তাই এনে দুষ্কার্যত লিপ্ত হৈছে’।

অসমীয়া ভাষা-সাহিত্যৰ বিকাশত সভাই লোৱা মূল্যবান পদক্ষেপ সমূহ উল্লেখ কৰি প্রধান সম্পাদক ডঃ শর্মাই সাময়িক ভাৱে সভাৰ সম্মুখত উদ্ভৱ হোৱা সমস্যা সমূহ উমৈহতীয়াভাৱে সমাধান কৰিব পৰা হব বুলি মত প্রকাশ কৰে। প্রধান সম্পাদক গৰাকীয়ে ‘বাচনাঘাট শাখাৰ কমোদ্যোগক ভূয়সী প্রশংসা কৰে আৰু ৫০ গৰাকী আজীৱন সত্যক স্বীকৃতি পত্র প্রদান কৰে। শাখাৰ সভাপতি কুশল কুমাৰ বৰাই সভাপতিত্ব কৰা আৰু উপভাপতি কৃষ্ণানন্দ নাথ আৰু সম্পাদক বিশ্বজিৎ বৰাই আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখন উদ্বোধন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াই।

শ‍ইকীয়াই বাচনাঘাট শাখা সাহিত্য সভাৰ কমদক্ষতাই জিলা সভাক সমৃদ্ধ কৰা বুলি সংক্ষিপ্ত ভাষণ দিয়ে। প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি লোহিত চন্দ্র ডেকা আৰু ড্রিমী ৰাজাই ঘুটীয়াভাবে সম্পাদনা কৰা শাখাৰ “শতদল বিশেষ পত্রিকা ” খন উন্মোচন কৰে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কার্যবাহী সদস্য জীৱন চন্দ্র কোঁৱৰে । উন্মোচনী ভাষণত কোৱৰে পত্রিকাখনৰ জৰিয়তে গাঁও অঞ্চলত সাহিত্য চর্চ্চাৰ পৰিবেশ সৃষ্টি কৰাৰ বাবে কর্মকতা সকলক অভিনন্দন জনায়। সভাত সন্মানিত অতিথি হিচাপে যোগদান কৰে অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কার্যালয়ৰ সম্পাদক প্রতাপ হাজৰিকা, মৰিগাওঁ জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতিদ্বয় হৰেন্দ্র বৰা, মিলেশ্বৰ পাতৰ, জিলাৰ উপ-সভাপতি তথা অসম সাহিত্য সভাৰ বাৰপূজীয়া একাদশ বিশেষ বার্ষিক অধিবেশনৰ সাধাৰণ সম্পাদক ডাঃ প্রদীপ কুমাৰ ডেকা, প্রাক্তন জিলা সম্পাদক পিনাকী ভূষণ মহস্ত, বৰ্তমানৰ জিলা সম্পাদক ডঃ অচ্যুত দাস প্রমুখ্যে বিশিষ্ট ব্যক্তি সকলে ।

ডঃ দাসে আজীৱন সদস্য সকলক অসম সাহিত্য সভাৰ স্মাৰক প্ৰদান কৰে । পুৱা ন বজাত সভাৰ পতাকা উত্তোলন কৰে শাখাৰ সভাপতি কুশল কুমাৰ বৰাই বন্তি প্ৰজ্বলন কৰে আজীৱন সদস্য দীনেশ চন্দ্ৰ বড়াই। স্মৃতি তৰ্পণ কৰে মহেন্দ্ৰ বৰদলৈ আৰু কৃষ্ণানন্দ নাথে। শাখাৰ মহিলা সদস্যা সকলে মুকলি সভাৰ আৰম্ভণিতে সাহিত্য সভাৰ “চিৰ চেনেহী মোৰ ভাষা জননী” শীৰ্ষক গীতটি পৰিবেশন কৰি সকলোকে মোহিত কৰে।

Leave A Reply