নিৰ্বাচনৰ দিন (Upcoming elections in assam 2026) চমু চাপি অহাৰ লগে লগে শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক গতি তীব্ৰ হৈ উঠিছে। দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱন এতিয়া ৰাজনৈতিক কৌশল আলোচনা কেন্দ্ৰত পৰিণত হৈছে। অনুষ্ঠিত হৈ আছে গুৰুত্বপূৰ্ণ বৈঠক। ইয়াৰ মাজতে শুকুৰবাৰে নিশা বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত দলৰ এখন কেন্দ্ৰীয় সাংগঠনিক বৈঠক অনুষ্ঠিত হয়।
উক্ত বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, নিৰ্বাচনী প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা প্ৰমুখ অংশগ্ৰহণ কৰে। আগন্তুক বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি দলীয় প্ৰস্তুতি, প্ৰচাৰৰ ৰূপৰেখা আৰু মিত্ৰদলসমূহৰ সৈতে সমন্বয়মূলক ৰণনীতি বৈঠকৰ মুখ্য আলোচ্য বিষয় আছিল বুলি জানিব পৰা গৈছে। আৰু এই বৈঠকৰ পিছত প্ৰাৰ্থী নিৰ্বাচনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিয়ে যে, কোনো বিধায়কৰ ক্ষেত্ৰতেই টিকট নিশ্চিত নহয়। তেওঁ কয় যে বিজেপিত পুনৰ প্ৰাৰ্থিত্ব লাভ কৰাটো সম্পূৰ্ণৰূপে কৰ্মদক্ষতা, জনপ্ৰীয়তা আৰু সংগঠনিক মূল্যায়নৰ ওপৰত নিৰ্ভৰশীল। বুথ পৰ্যায়ৰ পৰা ৰাজ্যিক নিৰ্বাচনী কমিটীলৈকে চলা উক্ত প্ৰক্ৰিয়াৰ জৰিয়তে নাম নিৰ্বাচিত হয় আৰু সংসদীয় বৰ্ডে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে ইংগিত দিয়ে যে, আগন্তুক নিৰ্বাচনত যুৱ আৰু মহিলা নেতৃত্বক বিশেষ গুৰুত্ব দিয়া হ’ব। নতুন মুখক আগবঢ়াবলৈ দল সম্পূৰ্ণৰূপে সাজু বুলিও তেওঁ প্ৰকাশ কৰে। আনহাতে, বিটিআৰ এলেকাত মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে জনায় যে সকলো পক্ষৰ সৈতে সমন্বয় ৰক্ষা কৰি আগবঢ়াৰ প্ৰচেষ্টা চলি আছে। সকলোৰে সহমতত এক সমাধানসূত্ৰ উলিয়াবলৈ আলোচনা অব্যাহত আছে বুলি তেওঁ কয়।
অগপৰ সৈতে আসন বুজাবুজিৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে, অগপ এটা স্বতন্ত্ৰ ৰাজনৈতিক দল আৰু তেওঁলোকৰ সিদ্ধান্তত বিজেপিয়ে হস্তক্ষেপ কৰিব নোৱাৰে। যদি দুয়োটা দলে একেলগে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লয়, তেন্তে সভাপতি পৰ্যায়ত আলোচনা কৰি আসন বিতৰণৰ সিদ্ধান্ত লোৱা হ’ব বুলি তেওঁ উল্লেখ কৰে। ইপিনে, বৰ্তমানৰ বিজেপি বিধায়কৰ কাম-কাজ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে বিগত পাঁচ বছৰত ৰাজ্যৰ প্ৰায় সকলো সমষ্টিত উন্নয়নমূলক কাম হৈছে। অৰুণোদয়, মহিলা উদ্যমীতা আঁচনি, নামঘৰত অনুদান আদিৰ জৰিয়তে সাধাৰণ ৰাইজৰ সৈতে বিধায়কসকলৰ সংযোগ অটুট আছে বুলি তেওঁ মত প্ৰকাশ কৰে। নতুন প্ৰাৰ্থীৰ সংখ্যা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত ২০ৰ অধিক সমষ্টিত নতুন মুখ আগবঢ়াবলৈ বিজেপিৰ হাতত সুযোগ আছে আৰু প্ৰয়োজন হ’লে এই সংখ্যা অধিকো হ’ব পাৰে। বৈঠকত আগন্তুক সময়ছোৱাত কেন্দ্ৰীয় নেতৃত্বৰ অসম ভ্ৰমণৰ সম্ভাৱ্য কাৰ্যসূচী সন্দৰ্ভতো আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম আগমনৰ বিষয়টোক লৈ উত্থাপন হয়। লগতে ৫ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি দলীয় চিহ্ন অংকনৰ কাৰ্যসূচী আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হয়। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থিত্বৰ নামত ধন সংগ্ৰহ সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে, ই তেওঁলোকৰ আভ্যন্তৰীণ বিষয় আৰু বিজেপিয়ে এই বিষয়ে মন্তব্য কৰাৰ প্ৰয়োজন অনুভৱ নকৰে।

