UPPL: কচুগাঁৱত ইউপিপিএল দলৰ বুথ সন্মিলন, ত্ৰিশটা সমষ্টি দখলৰ পৰিকল্পনা; দিল্লী-দিছপুৰৰ সমৰ্থনত পুনৰ ইউপিপিএলৰ চৰকাৰঃ ৰণগৌড়া নাৰ্জাৰী

সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনলৈ কঁকালত টঙালি বন্ধা(UPPL) মিত্ৰজোঁটৰ অংশীদাৰী দল ইউপিপিএলৰ ওপৰতে পুনৰ বিটিচিৰ শাসনভাৰ ন্যস্ত কৰিব বিচাৰিছে দিল্লী আৰু দিছপুৰে৷মাত্ৰ পাঁচ বছৰ পূৰ্বে শান্তি চুক্তি সম্পন্ন কৰি শাসনত বহা পৰিষদীয় চৰকাৰৰ দিনত ৰাইজৰ নিৰাপত্তা, শান্তি, ঐক্য-সংহতি, সমন্বয় আৰু প্ৰগতিৰ বাট মুকলি কৰা প্ৰমোদ বড়োক পুনৰ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যৰ আসনত বহুৱাই এসময়ৰ অশান্ত এলেকাত চিৰস্থায়ী শান্তি স্থাপন কৰিব বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷এই ভাষ্য ৰাজ্যসভাৰ সাংসদ তথা ইউপিপিএল দলৰ কাৰ্যকৰী সভাপতি ৰণগৌড়া নাৰ্জাৰীৰ৷আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচন উপলক্ষে আগতীয়াকৈ প্ৰস্তুতি চলোৱা শাসকীয় দলে আজি কচুগাঁও সমষ্টিত আয়োজন কৰা বুথ সন্মিলনত অংশ গ্ৰহণ কৰি ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে প্ৰাইমাৰী আৰু বুথ পৰ্যায়ৰ কৰ্মকতা সকলৰ কামকাজৰ ওপৰত বক্তব্য ৰাখে৷বিগত নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠ নোপোৱা দলটোৱে মিত্ৰজোঁটৰ চৰকাৰ চলাবলগীয়া হোৱাত কাম-কাজত আহি পৰা বিভিন্ন বাধা-বিঘিনি আৰু জটিলতা আদিৰ ওপৰত কিছু উদ্ভেগ প্ৰকাশ কৰি ত্ৰিশটা সমষ্টিত যাতে দলৰ প্ৰাৰ্থী বিজয়ী কৰাব পাৰে তাৰ বাবে কৰ্মী সকলক পৰামৰ্শ দিয়ে৷বিটিচিত পাঁচটা বছৰত শান্তি প্ৰতিষ্ঠা কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপন উপৰি প্ৰগতিৰ বাট প্ৰস্তুত কৰা ইউপিপিএল দলৰ সাংগঠনিক ভেটি পূৰ্বতকৈ বহুত শক্তিশালী৷ইতিমধ্যে বিপিএফৰ পৰা চন্দন ব্ৰহ্ম, খাম্পা বৰগয়াৰী, হিতেশ বসুমতাৰী, ৰেওৰেওৱা নাৰ্জিহাৰী, হেমেন্দ্ৰ নাথ ব্ৰহ্ম আদিকে ধৰি আন বহু প্ৰভাৱশালী নেতাই হাগ্ৰামা মহিলাৰীৰ সংগ ত্যাগ কৰি ইউপিপিএলত যোগদান কৰিছে৷আন একাংশই অন্য দলত গুচি গৈছে৷গতিকে বিপিএফ দলক ভয় কৰিবলগীয়া নাই৷যিমানেই চেষ্টা নচলাওক কিয়, হাগ্ৰামাই পুনৰ ক্ষমতালৈ আহিব নোৱাৰে, সেয়া ইতিমধ্যে খাটাং হৈ পৰিছে৷ইয়াৰ বিপৰীতে প্ৰমোদ বড়োই দ্বিতীয়টো কাৰ্যকালৰ বাবে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে অধিষ্ঠিত হবলৈ গৈ আছে৷এইবাৰ নিৰ্বাচনত ইউপিপিএল দলক কোনো শক্তিয়ে পৰাভূত কৰিব নোৱাৰে বুলি দাবী কৰিছে সাংসদ ৰণগৌড়া নাৰ্জাৰীয়ে৷কিন্তু সেই বুলি কৰ্মকৰ্তা সকলে বহি থাকিলে বেলেগে সুযোগ লব৷গতিকে এইবাৰ নিৰ্বাচনত বিটিচিত শান্তি স্থাপনৰ লগতে চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনি আদি লৈ ৰাইজক বুজাই দিবলৈ সাংসদ গৰাকীয়ে কৰ্মকৰ্তা সকলক আহ্বান জনায়৷ আগন্তুক বিটিআৰ পৰিষদীয় নিৰ্বাচনত দলৰ ৰণনীতি আৰু কৰ্মী সকলৰ কাম-কাজৰ ওপৰত আজি আয়োজিত বুথ সন্মিলনত কোকৰাঝাৰ জিলা অভিভাৱক মন্ত্ৰী তথা দলৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাও গৌড়া ব্ৰহ্মই বিগত বিটিচি নিৰ্বাচনত বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক পৰাভূত কৰি কচুগাঁও সমষ্টিবাসী ৰাইজে এক ইতিহাস তৈয়াৰ কৰা বুলি আখ্যায়িক কৰিছে৷বিগত বিটিচি নিৰ্বাচনত কোকৰাঝাৰ জিলাৰ ১২ টা সমষ্টিৰ ভিতৰত একমাত্ৰ কচুগাঁও সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থী বিজয়ী হৈছিল৷বাকী এঘাৰটা সমষ্টিত দলৰ প্ৰাৰ্থী পৰাজিত হৈছিল৷সেইবাবেই এইবাৰ নিৰ্বাচনত আৰম্ভ কৰা মিছন কোকৰাঝাৰত জিলাৰ থকা ১২ টা পৰিষদীয় সমষ্টিৰ ভিতৰত এঘাৰটা সমষ্টিত ইউপিপিএল দলে জয়ী হোৱাৰ সংকল্প লৈ সমষ্টিয়ে সমষ্টিয়ে প্ৰচেষ্টা চলাই আছে৷বক্তব্যত মন্ত্ৰী গৰাকীয়ে কয়, শাসকীয় দলৰ সদস্য নথকা শৰাইবিল, গুমা, দোতমা, ছালাকাটি, দেৱৰগাঁও আৰু বাওঁখুংগ্ৰী সমষ্টিত উন্নয়নৰ বতাহ বলা নাই৷এয়া প্ৰতিটো শাসকীয় দলৰ নীতি বুলি উল্লেখ কৰি ঐক্য, শান্তি আৰু প্ৰগতিৰ স্বাৰ্থত ইউপিপিএল দলক জয়ী কৰালেহে প্ৰতিটো সমষ্টিতে একেলগে উন্নয়ন হ’ব৷তাৰোপৰি বক্তব্যত মন্ত্ৰী গৰাকীয়ে পুনৰ কয়, পূৰ্বৰ দৰে কোকৰাঝাৰ জিলাক বাদ দিলেও বাকী জিলা সমুহত নিৰ্বাচিত প্ৰতিনিধিৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলিও দাবী কৰে৷কচুগাঁও পৰিষদীয় সমষ্টিৰ টিচিএলচিচিৰ সভাপতি থমাছ নাৰ্জাৰীয়ে সভাপতিত্ব কৰা আৰু ব্লক সভাপতি সুকুমাৰ ব্ৰহ্মই অতিথি চিনাকী আৰু সম্বৰ্ধনা পৰ্বৰ আঁত ধৰে৷কচুগাঁও পৰিষদীয় সমষ্টিৰ ১৫টা প্ৰাইমাৰী কমিটিৰ অধীনৰ ৮১ টা বুথ কমিটিৰ বিভিন্ন শাখাৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰা সন্মিলনত বিটিচি প্ৰদেশীয় পৰিষদৰ উপাধ্যক্ষ কাতিৰাম বড়োয়ে উদ্দেশ্য ব্যাখ্যাৰ যোগেদি নিৰ্বাচনত দলীয় কৰ্মকৰ্তা সকলৰ কাম-কাজ সমন্ধে বক্তব্য দিয়ে৷আনহাতে উত্তম ব্ৰহ্মই ৫৬ হাজাৰ ভোটাৰ থকা কচুগাঁও পৰিষদীয় সমষ্টিত বিগত নিৰ্বাচনত দলৰ প্ৰাৰ্থী উকিল মুছাহাৰীয়ে লাভ কৰা ১৭, ৫৭৫টা ভোটৰ বিপৰীতে হাগ্ৰামা মহিলাৰীয়ে ১৭, ০৫৯ টা ভোট লাভৰ তথ্য সদৰি কৰি সমষ্টিত থকা ৮১ টা ভোট কেন্দ্ৰৰ ভিতৰত ৩৩ টা ভোটগ্ৰহন কেন্দ্ৰত ইউপিপিএল দলে বেছিকৈ ভোট লাভ কৰিছিল৷এইবেলিও এই কেন্দ্ৰ সমুহৰ উপৰি অন্যান্য কেন্দ্ৰ সমুহত যাতে ভোট বেছিকৈ লাভ কৰিব পাৰে তাৰ বাবে নিষ্ঠা সহকাৰে কৰ্মকৰ্তা সকলক কাম কৰিবলৈ আহ্বান জনায়৷
বুথ সন্মিলনত বিধায়কদ্বয় জিৰন বসুমতাৰী, লৰেন্স ইছলাৰী, পাৰিষদ ৰেওৰেওৱা নাৰ্জিহাৰী, প্ৰমোদ বড়োৰ ৰাজনৈতিক উপদেষ্টা তথা পাৰিষদ মাধৱ ছেত্ৰী, সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী, বেৰছুং বসুমতাৰী, সুৰজ মুছাহাৰী, হান্টিগিৰি নাৰ্জাৰী, জিলা সভাপতি অনিন্দ্য বসুমতাৰী আদিকে ধৰি কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ ভালে কেইগৰাকীমান নেতাই উপস্থিত থাকে৷আনহাতে মহকুমাৰ শৰাইবিল সমষ্টিৰ অন্তৰ্গত শৰাইবিলত বুথ দ্বিতীয়টো বুথ সন্মিলন অনুষ্ঠিত হয়৷

Related Articles