চিকিৎসকক আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি সৰৱ চিকিৎসক সমাজ

চিকিৎসকক আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি সৰৱ চিকিৎসক সমাজ। হোজাই জিলাৰ ফুলতলি আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক কৰা বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে আজি অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদ জ্যেষ্ঠ-কনিষ্ঠ চিকিৎসকৰ। এ এম চিৰ বহিঃবিভাগৰ চৌহদত মৌন প্ৰতিবাদেৰে গৰিহণা চিকিৎসকৰ। নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি ক’ভিডৰ বিৰুদ্ধে যুঁজ দিয়া চিকিৎসকৰ ওপৰত হোৱা এই আক্ৰমনত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰো দাবী।

Related Articles