Breaking

সংগীতপ্ৰেমীলৈ মুকলি উৰ্দু গজল ‘মুস্কুৰাহত’

0 1,539

নগাঁৱৰ হাতীচোং মৌজাৰ অন্তৰ্গত চমুৱাগাঁৱৰ কবি সঞ্জীৱ সাগৰ আৰু মাজগাঁৱৰ কণ্ঠশিল্পী জিতু শ্ৰাৱনে প্ৰস্তুত কৰি উলিয়াইছে এটি উৰ্দু গজল। “মুস্কুৰাহত” শীৰ্ষক এই গজলটি ইতিমধ্যে সংগীতপ্ৰেমীৰ বাবে মুকলি কৰা হৈছে ৷ কবি সঞ্জীৱ সাগৰে সৃষ্টি কৰা গজলটিত জিতু শ্ৰাৱনে কণ্ঠ দিয়াৰ বিপৰীতে সংগীত কৰিছে মুকুল বৰাই ৷ শনিবাৰে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত গজলটি মুক্তি দিয়া হয় ৷ লেখক প্ৰাঞ্জল মহন্তই আঁত ধৰা উক্ত অনুষ্ঠানত ডিমৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক মোহিনী মোহন ডেকা, বিশিষ্ট নাট্যকাৰ-পৰিচালক পৰাগ তামুলী, সংগীত শিল্পী দিপাংক শইকীয়া, দীপাংকৰ দেৱগোস্বামী, জ্যেষ্ঠ সাংবাদিক চন্দন জ্যোতি বৰা, সাংবাদিক  জয়ন্ত মুদৈ, সাংবাদিক গকুল ভাৰতী, ঋতুপৰ্ণ শৰ্মা, মুনজ্যোতি নাথকে ধৰি কেইবাজনো ব্যক্তি উপস্থিত থাকে ৷ এই গজলটি সংগীতপ্ৰেমীৰ বাবে ইউটিউব চেনেল “BM ENTERPRISE ত উপলব্ধ হ’ব ৷ 

Leave A Reply