সামাজিক মাধ্যমত নিজৰ বস্ত্ৰ, (Urfi Javed) অলংকাৰ আৰু বিতৰ্কৰ বাবে ভাইৰেল হৈ থকা অভিনেত্ৰী তথা মডেল উৰ্ফী জাভেদৰ বৰ্তমান অৱস্থা দেখিলে আচৰিত হ’ব আপুনি। সামাজিক মাধ্যমত চৰ্চা হৈছে যে উৰ্ফিৰ ধুনীয়া মুখ আৰু ওঁঠজুৰি আৰু অধিক ধুনীয়া কৰিবলৈ গৈ ভয়ংকৰ ৰূপ ল’লে। লিপ ফিলাৰ কৰাৰ পিছতে উৰ্ফী জাভেদৰ গোটেই মুখ মণ্ডল ফুলি উঠি। উৰ্ফিক বৰ্তমান দেখিবলৈ আচহুৱা লাগিছে। উৰ্ফীৰ এনে অৱস্থা দেখি আচম্বিত হৈ পৰিছে তাইৰ অনুৰাগী তথা সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকল।
উৰ্ফীৰ এনে চেহেৰাৰ বাবে একাংশ অনুৰাগী চিন্তাত পৰিছে, বহুতে পৰামৰ্শও দিছে লগতে কিছুমানে উৰ্ফীৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। ছ’চিয়েল মিডিয়াত এতিয়া উৰ্ফী জাভেদৰ এনে মুখমণ্ডলৰ ফটো ভাইৰেল হৈ পৰিছে।
মুঠতে ক’বলৈ গ’লে অধিক মাত্ৰ কোনো ক্ষেত্ৰতেই ভাল নহয় সেয়া লাগিলে খোৱা, শোৱা নাইবা সৌন্দৰ্য। অৱশ্যে উৰ্ফিৰ এনে মুখমণ্ডলৰ ৰহস্যৰ প্ৰকৃত খবৰ এতিয়াও পোহৰলৈ অহা নাই।