গোলাঘাট, ২৪ জুলাইঃ Uriamghat Eviction ।
উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত বন বিভাগে বৃহৎ উচ্ছেদ অভিযানৰ সাজু ধৰি তুলিছে। প্ৰথম পৰ্যায়ত ৬ খন গাঁও—সোণাৰী বিল, পিঠাঘাট, বিদ্যাপুৰ, আনন্দপুৰ, ৰজাপুখুৰী আৰু দলনিপথাৰত চলিব এই অভিযান। বন বিভাগ আৰু জিলা প্ৰশাসনে মিলি ১২০০ হেক্টৰ বেদখল হোৱা ভূমিত এহেজাৰৰো অধিক অবৈধ গৃহৰ ওপৰত চলাব বুলড’জাৰৰ বেজাৰ।
ইতিমধ্যে উচ্ছেদৰ জাননি পোৱাৰ লগে লগে দিনৰ পৰা নিশালৈকে গাড়ী ভৰাই নিজৰ সা-সম্পত্তি, আচবাব লৈ এলেকা এৰি যাবলৈ বাধ্য হৈছে বহু সংখ্যক লোক। সন্দেহজনকভাৱে নগাঁও, মৰিগাওঁ, ধিং, ৰূপহী, তেজপুৰ আদি নামনি তথা মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ দিশে ৰাওনা হৈছে এইসকল ব্যক্তি।
সূত্ৰ অনুসৰি, এতিয়ালৈকে ৫০০ ৰো অধিক গাড়ী ৰেংমা সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপুৰ, মধুপুৰ, সোণাৰী বিল, খেৰবাৰী আদিতকৈ স্থানান্তৰ হৈছে। আশ্ৰয় বিচাৰি বহুজনেই আত্মীয়-স্বজনৰ ঘৰলৈ গম ল’ব লগা হৈছে।
এই ঘটনাৰ প্ৰতি প্ৰতিক্ৰিয়া জনাই কিছু বংগমূলীয় বেদখলকাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, “আমি আকৌ উভতি আহিম। ইয়াতে জন্ম হৈছোঁ, এয়া আমাৰ ঠাই। চৰকাৰে ভাঙি দিলেও আমি ক’লৈ যাম?”
এই মন্তব্যৰ পৰা স্পষ্ট যে, উচ্ছেদ অভিযানৰ পাছতো পুনৰ সংৰক্ষিত বনভূমি দখল কৰাৰ সম্ভাৱনা আছে।
প্ৰশাসন আৰু বন বিভাগে একাংশ সন্দেহজনক লোকৰ এই অভিপ্ৰায়ক গভীৰভাৱে লৈ পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ অধিক সতৰ্কতা অবলম্বন কৰিছে। উচ্ছেদ অভিযান চলাকালীন কোনো অপ্রীতিকৰ ঘটনা নহ’বলৈ নিৰাপত্তা ব্যৱস্থাও দৃঢ় কৰা হৈছে।
এই বৃহৎ উচ্ছেদ অভিযানই ৰেংমা সংৰক্ষিত বনাঞ্চল উদ্ধাৰৰ ক্ষেত্ৰত এক দৃষ্টান্ত স্থাপন কৰিব বুলি চৰকাৰী সূত্ৰে আশা প্ৰকাশ কৰা হৈছে।

