হৰমুজ ঘটনাৰ প্ৰত্যুত্তৰত ইৰাণৰ সামৰিক ঘাটিত আমেৰিকাৰ আক্ৰমণ, জে ডি ভাঞ্চৰ কটাক্ষ—‘হিংসাৰ উত্তৰ হিংসাই হ’ব’ । US-Iran War Update


US-Iran War Update অস্থায়ী যুদ্ধবিৰতি আৰু বুজাবুজি চুক্তিৰ মাজতে পুনৰ উত্তপ্ত হৈ পৰিছে আমেৰিকা–ইৰাণ সম্পৰ্ক। হৰমুজ প্ৰণালীত এখন বাণিজ্যিক মালবাহী জাহাজত ড্ৰোন আক্ৰমণৰ অভিযোগৰ প্ৰত্যুত্তৰত আমেৰিকাই ইৰাণৰ একাধিক ড্ৰোন, মিছাইল সংৰক্ষণ কেন্দ্ৰ আৰু উপকূলীয় ৰাডাৰ ঘাটিত লক্ষ্যভেদী সামৰিক অভিযান চলাইছে। আমেৰিকাৰ মতে, এই অভিযান যুদ্ধবিৰতি চুক্তি উলংঘনৰ প্ৰতিক্ৰিয়া হিচাপে চলোৱা হৈছে।

আক্ৰমণৰ পিছতে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভাঞ্চে সামাজিক মাধ্যমত কঠোৰ বাৰ্তা প্ৰেৰণ কৰি কয়, “ইৰাণে যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰিছিল, আৰু আমেৰিকাই সেই চুক্তিক সন্মান জনাইছে। যদি চুক্তি কাৰ্যকৰী কৰাৰ পদ্ধতিক লৈ ইৰাণৰ আপত্তি থাকে, তেন্তে আলোচনাৰ পথ মুকলি আছে। কিন্তু হিংসাৰ উত্তৰ হিংসাই হ’ব।”

উল্লেখযোগ্য যে, ১৭ জুনত দুয়োখন দেশে ১৪ দফীয়া বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছিল। সেই চুক্তি অনুসৰি ৬০ দিনীয়া অস্থায়ী যুদ্ধবিৰতি, হৰমুজ প্ৰণালী বাণিজ্যিক জাহাজ চলাচলৰ বাবে মুকলি ৰখা আৰু শান্তি আলোচনাৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু হৰমুজত বাণিজ্যিক জাহাজত ড্ৰোন আক্ৰমণৰ অভিযোগৰ পিছতেই পৰিস্থিতি পুনৰ অবনতি ঘটিছে।

আমেৰিকাৰ কেন্দ্ৰীয় সামৰিক কমাণ্ডে (CENTCOM) জনোৱা মতে, ইৰাণৰ মিছাইল আৰু ড্ৰোন সংৰক্ষণ কেন্দ্ৰৰ লগতে উপকূলীয় ৰাডাৰ ঘাটিত লক্ষ্যভেদী আক্ৰমণ চলোৱা হৈছে। আনহাতে, ইৰাণে এই আক্ৰমণৰ তীব্ৰ প্ৰতিবাদ জনাই প্ৰয়োজন হ’লে অধিক প্ৰত্যুত্তৰৰ সতৰ্কবাণী দিছে।

নতুনকৈ আৰম্ভ হোৱা এই সামৰিক সংঘাতে মধ্যপ্ৰাচ্যৰ সামগ্ৰিক নিৰাপত্তা পৰিস্থিতি আৰু বিশ্ব বাণিজ্যৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক পথ হৰমুজ প্ৰণালীৰ ভৱিষ্যৎক লৈ পুনৰ উদ্বেগ বৃদ্ধি কৰিছে।

Related Articles