ঘূৰি আহিব হিৰোছিমা-নাগাচাকিৰ(US, Israel Attack Iranian Nuclear) সেই ভয়াৱহ দিনবোৰ৷ আপাততঃ তেনে আশংকাই কৰা হৈছে৷ ইৰাণৰ পাৰমাণৱিক ঘাটিত বিধবংসী আক্ৰমণ চলাই আমেৰিকাই বিজয়ৰ হাঁহি মৰাৰ সময়তে নানান অশুভ চিন্তাই বিশ্বৰ সচেতন মহলক ভাৰাক্ৰান্ত কৰিছে৷ যদিও এই ঘটনাৰ পিছত এতিয়ালৈকে ইৰাণত বিকিৰণৰ কোনো খবৰ পোৱা নাই, তথাপি সমগ্ৰ বিশ্বই অতীতৰ কথা মনত পেলাই চিন্তিত হৈ পৰিছে৷
এই পৃথিৱীখনে ইতিহাসত তিনিবাৰকৈ পাৰমাণৱিক তেজি¦য় বিকিৰণৰ ভয়াৱহতা দেখিছে, ১৯৪৫ চনত [হিৰোছিমা, নাগাচাকি] ১৯৮৬ চনত [চেৰ্নোবিল] আৰু ২০১১ চনত [ফুকুছিমা]৷ জ্বলন্ত বিষয়ৰ উচটনি দি ইৰাণৰ পাৰমাণৱিক ঘাটিত আমেৰিকাই আক্ৰমণ কৰিলে ভাৰতকে ধৰি এছিয়াৰ আন দেশসমূহৰ বিপদ বৃদ্ধি পাব পাৰে বুলি বহুতে ধাৰণা কৰিছে৷ বিশেষজ্ঞসকলৰ মতে যুদ্ধৰ বাবে যদি ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ হয় তেন্তে সেই বিকিৰণে কেৱল মধ্যপ্ৰাচ্যকে ধবংস কৰাই নহয়, ভাৰতৰ বায়ু, পানী আৰু মাটিও বিষাক্ত হৈ পৰিব৷ যদি তেনে পৰিস্থিতি হয় তেন্তে পশ্চিম দিশেৰে পাৰমাণৱিক বিকিৰণ দ্ৰুতগতিত পাকিস্তান, উত্তৰ আৰু পশ্চিম ভাৰতলৈ বিয়পি পৰিব৷ ইয়াৰ পৰিণাম হ’ব মাৰাত্মক৷ এই ঘটনাত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব পঞ্জাব আৰু হাৰিয়ানা৷ ভাৰতৰ শস্য উৎপাদন আৰু খাদ্যৰ প্ৰয়োজনীয়তাত এই দুখন ৰাজ্যই সৰ্বাধিক ভূমিকা পালন কৰে৷
পাৰমাণৱিক প্ৰদূষণৰ বাবে এই অঞ্চলৰ ধান খেতি ধবংস হ’ব৷ যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব দেশৰ খাদ্য সুৰক্ষাত৷ দিল্লীক ৰেহাই দিয়া নহ’ব৷ ইতিমধ্যে বিষাক্ত বায়ুৰ বাবে দেশৰ ৰাজধানী দিল্লীৰ অৱস্থা বেয়া৷ তাৰ লগতে এই অঞ্চলত তেজি¦য় পদাৰ্থৰে বায়ু ভৰি পৰিব৷ ইয়াৰ পৰিণাম হ’ব মাৰাত্মক৷ তেজক্ৰিয় ধূলিয়ে পশ্চিম ৰাজ্য ৰাজস্থানৰ বাবে চৰম বিপদৰ সৃষ্টি কৰিব৷ ৰাজস্থানৰ শুকান বতৰৰ বাবে এই তেজক্ৰিয় কণাবোৰ জলাশয়ৰ লগত মিহলি হ’ব৷ বছৰ বছৰ ধৰি ইয়াৰ প্ৰভাৱ পৰিব তাত থকা লোকসকলৰ ওপৰত৷ গংগাৰ পাৰত অৱস্থিত উত্তৰ প্ৰদেশ আৰু বিহাৰেও ৰেহাই নাপাব৷ এই বিষাক্ত বায়ু আৰু তেজক্ৰিয় কণিকাবোৰে সেই অঞ্চলৰ খোৱাপানী আৰু ইয়াৰ প্ৰধান শস্য ধান আৰু ঘেঁহু উৎপাদনত প্ৰভাৱ পেলাব৷ কেৱল সেয়াই নহয় ইয়াৰ তেজক্ৰিয়তা উত্তৰ দিশৰ হিমালয় অঞ্চলৰ নদীবোৰলৈ বিয়পি পৰিব৷ কেৱল সেয়াই নহয়, পাৰমাণৱিক প্ৰদূষণৰ ফলত হিমবাহৰ প্ৰভাৱ পৰিব৷ মুঠৰ ওপৰত এই পাৰমাণৱিক প্ৰদূষণে ভাৰতৰ প্ৰাকৃতিক পৰিৱেশকে প্ৰভাৱিত কৰাই নহয়, ইয়াৰ ভয়াৱহতাই দেশত খাদ্য সংকটৰো সৃষ্টি কৰিব পাৰে৷