US joins Israel’s strikes on Iran: ইৰানৰ তিনিটা পাৰমাণৱিক ঘাটিত আক্ৰমণ আমেৰিকাৰ

তৃতীয় বিশ্বযুদ্ধৰ দিশে নেকি বিশ্ব? ইৰানৰ তিনিটাকৈ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ আক্ৰমণ। ফর্ডো, নাটাঞ্জ, এছফাহানত আমেৰিকাৰ বিমান আক্ৰমণ। এই আক্রমণ সফল বুলি অভিহিত কৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে।(US joins Israel’s strikes on Iran)

ইৰাণৰ পাৰমাণৱিক স্থানত বোমা বিস্ফোৰণ কৰি ট্ৰাম্পে কয় যে আমেৰিকাৰ সেনাই ভয়ংকৰ আক্ৰমণ কৰিছ, এতিয়া ইৰান শান্তিৰ পথত আহিব লাগে। শান্তিৰ পথলৈ ঘূৰি অহাৰ সময় আছে ইৰানৰ হাতত, ইৰানৰ পৰমাণু ঘাটি তচনচ কৰা হৈছে। ৰাষ্ট্ৰক সম্বোধন কৰি এই মন্তব্য কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে।

আনহাতে আমেৰিকাৰ আক্ৰমণত ক্ষুদ্ধ হৈ ইৰানৰ পাৰমাণিক শক্তি সংগঠনে কয়, আমেৰিকাই উলংঘন কৰিছে আন্তঃৰাষ্ট্ৰীয় আইন, আমেৰিকাৰ আক্ৰমণ আমি সহ্য নকৰোঁ।

ইৰানৰ ওপৰত আমেৰিকাৰ আক্ৰমণৰ পাছতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পক অভিনন্দন ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৰ। আমেৰিকা সঁচাকৈয়ে অতুলনীয়, পৃথিৱীৰ আন কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে আমেৰিকাই। এইদৰে আমেৰিকাক ধন্যবাদ জনাই ইজৰাইলে।

শনিবাৰে নিশা হোৱাইট হাউছৰ পৰা ৰাষ্ট্ৰীয় ভাষণত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় ইৰাণৰ শাসন ব্যৱস্থাৰ তিনিটা গুৰুত্বপূৰ্ণ পাৰমাণৱিক ঘাটি ফৰ্ডো, নাটাঞ্জ আৰু এছফাহানত আমেৰিকাৰ সেনাই আক্ৰমণ চলাইছিল। আমাৰ উদ্দেশ্য আছিল ইৰাণৰ পাৰমাণৱিক সমৃদ্ধি ক্ষমতা ধ্বংস কৰা আৰু সন্ত্ৰাসবাদৰ বিশ্বৰ এক নম্বৰ ৰাষ্ট্ৰৰ পৃষ্ঠপোষকখনে সৃষ্টি কৰা পাৰমাণৱিক ভাবুকি বন্ধ কৰা।

Related Articles