মাত্ৰ ডেৰ ঘণ্টাৰ বাবে লগ পাই প্ৰধানমন্ত্ৰী মোদীৰ অনুৰাগী হৈ পৰিল আমেৰিকাৰ মন্ত্ৰী! ক’লে এই কথা…।ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে মানুহক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিব বিচাৰিছে বুলি মন্তব্য কৰে আমেৰিকাৰ বাণিজ্য মন্ত্ৰী জিনা ৰাইমণ্ডোৱে। ৱাশ্বিংটনৰ ইণ্ডিয়া হাউছত ভাৰতীয় আমেৰিকানসকলৰ সমাৱেশত ভাষণ দি জিনা ৰাইমণ্ডোৱে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে মানুহক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিব বিচাৰিছে। ইয়াৰ লগতে তেওঁলোকে বিশ্ব শক্তি হিচাপে আগবাঢ়িব বিচাৰে ।
“He is the most popular wrld leader fr a reason; he is a visionary; & his level of commitment to ppl of
— Taranjit Singh Sandhu (@SandhuTaranjitS) April 16, 2023is indescribable..his desire to lift ppl out of poverty & move
fwd as a global power is real; & it’s happening” @SecRaimondo on PM @narendramodi pic.twitter.com/SK2oIHpYIK
জিনা ৰাইমণ্ডোৰ প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীক-
সভাত ভাষণ দি জিনা ৰাইমণ্ডোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা ডেৰ ঘণ্টীয়া বৈঠকৰ কথা স্মৰণ কৰে। তেওঁ কয়, ‘মই প্ৰধানমন্ত্ৰী মোডীৰ সৈতে প্ৰায় ডেৰ ঘণ্টা সময় কটাবলৈ সুযোগ পাইছিলোঁ। তেওঁ এজন অতি জনপ্ৰিয় বিশ্বব্যাপী নেতা। তেওঁ বহু আগুৱাই চিন্তা কৰে আৰু ভাৰতবাসীৰ প্ৰতি তেওঁৰ দায়বদ্ধতা অবৰ্ণনীয়। মোডীক প্ৰশংসা কৰি কয় যে যদি আপুনি পি এম মোডীক চিনি পায় তেন্তে আপুনি গম পাব যে তেওঁ প্ৰযুক্তিক বহুত ভাল পায় আৰু তেওঁৰ এই বিষয়ে বহু জ্ঞান আছে। তেওঁ কয় যে বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে এআইৰ নতুন অৰ্থ ব্যাখ্যা কৰি কয় যে ইয়াৰ অৰ্থ কৃত্ৰিম বুদ্ধিমত্তা নহয়, বৰঞ্চ ইয়াৰ অৰ্থ হৈছে আমেৰিকা-ভাৰত প্ৰযুক্তিৰ ইক’ চিষ্টেম।
ভাৰত ভ্ৰমণৰ সময়ত জিনা ৰাইমণ্ডোক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ঘৰত হোলী খেলি থকা দেখা গৈছিল। হোলীৰ পৰিৱেশ স্মৰণ কৰি তেওঁ কৈছে যে এই সময়ছোৱাত তেওঁ পৰিয়াল, সংস্কৃতি, পৰম্পৰা আৰু উদযাপনৰ ক্ষেত্ৰত ভাৰতৰ উৎকৃষ্টতা দেখিবলৈ পাইছিল। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলেও অংশগ্ৰহণ কৰে।ৰাইমণ্ডোৱে কয়, ‘মই শেহতীয়াকৈ ভাৰতলৈ গৈছিলোঁ। হোলী উদযাপনত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলোঁ। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পৰিয়ালৰ সৈতে মোক আতিথ্য প্ৰদান কৰিছিল।