ভাৰতৰ পৰা প্ৰেৰণ কৰা কমেও ১৫টা আমৰ চালান চলিত মাহত(US Rejected Mangoes) লছ এঞ্জেলছ, ছান ফ্ৰান্সিস্কো, আটলাণ্টাকে ধৰি আমেৰিকাৰ বিভিন্ন বিমানবন্দৰৰ পৰা ওভতাই পঠিওৱা হৈছে৷ আনহাতে, আমবোৰ দেশলৈ ঘূৰাই অনাৰ ব্যয়ৰ কথা চিন্তা কৰি ৰপ্তানি কৰাসকলে আমবোৰ আমেৰিকাতে পেলাই দিয়াৰ কথা চিন্তা কৰিছে৷ ইয়াৰ ফলত ভাৰতৰ আম ৰপ্তানিৰ ক্ষেত্ৰত বৃহৎ লোকচান ভৰিবলগীয়া হৈছে৷ শেহতীয়াকৈ আমেৰিকাই বিমানবন্দৰৰ পৰা ভাৰতৰ পৰা পঠোৱা বৃহৎ পৰিমাণৰ আম ঘূৰাই পঠিয়াইছে৷
ফলত আম ৰপ্তানিসকলে বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এক প্ৰতিবেদন অনুসৰি চলিত মাহত লছ এঞ্জেলছ, ছান ফ্ৰান্সিস্কো, আটলাণ্টাকে ধৰি আমেৰিকাৰ বিভিন্ন বিমানবন্দৰত ভাৰতৰ পৰা যোৱা কমেও ১৫টা আমৰ চালান বাতিল কৰা হৈছে৷ এই ১৫টা চালানত কিমান আম ৰপ্তানি কৰা হৈছিল সেয়া স্পষ্ট হোৱা নাই৷ অৱশ্যে ইয়াৰ ফলত দেশৰ আম ব্যৱসায়ীসকলৰ প্ৰায় প্ত লাখ মাৰ্কিন ডলাৰৰ লোকচান হ’ব বুলি ধাৰণা কৰা হৈছে, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ৪২.৭২ কোটি টকা৷ বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি মুম্বাইৰ পৰা আম ৰপ্তানিৰ বাবে প্ৰয়োজনীয় সকলো কাগজ-পত্ৰ ৰপ্তানি পূৰ্বে ৮ আৰু ৯ মে’ত সম্পূৰ্ণ কৰা হৈছিল৷ কিন্তু ৰপ্তানি সম্পৰ্কীয় নথি-পত্ৰত অসামঞ্জস্য থকাৰ অভিযোগ উত্থাপন কৰি আমেৰিকাই সেই আম গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে৷ এক কথাত ক’বলৈ গ’লে ভাৰতত উৎপাদিত আমৰ ৰপ্তানি বজাৰখনেই হৈছে আমেৰিকা৷ যিহেতু আম সহজে নষ্ট হয়, সেয়েহে সাধাৰণতে ভাৰতৰ পৰা আমেৰিকালৈ বিমানযোগে আম প্ৰেৰণ কৰা হয়৷ ফলত আম ৰপ্তানিৰো ব্যয় বৃহৎ৷ সেয়েহে আমবোৰ দেশলৈ ঘূৰাই অনাতকৈ আমেৰিকাতে ধবংস কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে৷