আমেৰিকাত এতিয়া ভিছা বাতিল হৈছে বহু বিদেশী শিক্ষাৰ্থীৰ৷(US visa)আমেৰিকাত ভিছা বাতিল হোৱা ছাত্ৰ-ছাত্ৰীৰ ৫০ শতাংশই ভাৰতীয়৷ আমেৰিকান ইমিগ্ৰেচন লয়াৰ্ছ এছ’চিয়েচনৰ প্ৰেছ বিজ্ঞপ্তি হেণ্ডেল এক্সত পোষ্ট কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশে লিখিছে, ‘ভিছা বাতিলৰ কাৰণসমূহ অস্পষ্ট আৰু অস্বচ্ছ৷’ কলেজ বা বিশ্ববিদ্যালয় চৌহদত ‘আন্দোলন’ কৰাৰ বাবে যোৱা মাহত ৩২৭জন বিদেশী ছাত্ৰ-ছাত্ৰীৰ এফ-ৰ ভিছা নাকচ কৰিছিল আমেৰিকাই৷ সেই তালিকাৰ কথা উল্লেখ কৰি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প চৰকাৰে লক্ষ্য কৰি লোৱা ছাত্ৰ-ছাত্ৰীৰ ৫০ শতাংশই ভাৰতীয়৷ ‘আমেৰিকান ইমিগ্ৰেচন ল’য়াৰ্ছ এছ’চিয়েচন’ৰ প্ৰেছ বিজ্ঞপ্তি এক্স হেণ্ডেলত পোষ্ট কৰি ৰমেশে লিখিছে– ‘ভিছা বাতিলৰ কাৰণসমূহ অস্পষ্ট আৰু অস্বচ্ছ৷’ গতিকে এয়া ভাৰতীয়সকলৰ বাবে চিন্তা আৰু ভয়ৰ কাৰণ৷’ এই বিষয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে কিয় মৌনতা অৱলম্বন কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে৷ তেওঁ এই প্ৰশ্নও উত্থাপন কৰে যে বৈদেশিক মন্ত্ৰী জয়শংকৰে আমেৰিকাৰ বিদেশ সচিব মাৰ্কৰ সৈতে এই বিষয়ত আলোচনা কৰিব নেকি হ্ল ভাৰতীয় শিক্ষাৰ্থীসকলৰ কেৱল ভিছা বাতিল কৰাই নহয়৷ ট্ৰাম্প প্ৰশাসনে সেই ৩২৭জন ছাত্ৰক ‘দেশদ্ৰোহী’ বুলি অভিহিত কৰিছে৷ ফলত তেওঁলোকে আৰু কেতিয়াও আমেৰিকালৈ যাব নোৱাৰিব৷ ভিছা বাতিল হোৱা বহু ছাত্ৰ-ছাত্ৰীয়ে পেলেষ্টাইনৰ অধিকাৰৰ সমৰ্থনত মাত মাতিছিল৷ গাজা দখল কৰাৰ অভিযানত ইজৰাইলক সমৰ্থন কৰাৰ বিৰোধিতাত ই সৰৱ হৈ পৰিছিল৷ এই বিষয়টোক লৈ ক্ষোভ প্ৰকাশ কৰি ৰুবিঅ’ই কয় যে, ‘আমি প্ৰতিদিনে বিদেশী ছাত্ৰ-ছাত্ৰীয়ে কি কৰি আছে তাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখোঁ৷ এই পাগলৰ সংখ্যা তিনিশৰো অধিক৷ মই তেওঁলোকৰ ভিছা কাঢ়ি লৈ যাম৷ প্ৰতিখন দেশতে কোন নিজৰ দেশত থাকিব আৰু কোন নাথাকে সেইটো নিৰ্ণয় কৰাৰ অধিকাৰ আছে৷’ আমেৰিকাৰ বিদেশ মন্ত্ৰীগৰাকীয়েও ব্যক্তিগতভাৱে কিছুমান ভিছা বাতিল কৰা বুলিও কয়৷