Breaking

দাঁত বিষৰ সমস্যাৰ পৰা হাত সাৰিবলৈ ব্যৱহাৰ কৰক এই সমূহ বস্তু…

0 150

দাঁতৰ বিষ যিকোনো ব্যক্তিৰ বাবে অসহ্যকৰ। এনে সমস্যা যিকোনো বয়সতে সম্ভৱ আৰু ইয়াৰ আঁৰত বহু কাৰণ থাকিব পাৰে, যেনে দাঁতৰ ক্ষয়, মুখৰ সংক্ৰমণ ইত্যাদি। যদি আপুনি দাঁতৰ বিষত অসুবিধা পাইছে, তেন্তে আজি আমি আপোনালোকক কিছুমান ঘৰুৱা উপায়ৰ বিষয়ে কম যিয়ে আপোনাক দাঁতৰ বিষৰ সমস্য়া সমাধান কৰাত সহায় কৰিব…


১) নিমখ আৰু গৰম পানীৰে গাৰ্গল কৰক
দাঁতৰ বিষ কমাবলৈ গৰম পানীত নিমখ মিহলাই কিছু সময় মুখত ৰাখি গাৰ্গল কৰক, ইয়াৰ ফলত বিষ কমাব পাৰি আৰু লগতে ক্ষয় নিৰাময় হ’ব পাৰে।

২/ লঙৰ তেল
লঙৰ তেলে দাঁতৰ বিষ কমোৱাত সহায় কৰিব পাৰে। ইয়াৰ বাবে এটা লং লাহে লাহে চোবাই খাব লাগে বা বিষ হোৱা দাঁতটোত লঙৰ তেল লগাব লাগে।

৩/ আদাৰ ৰস
আদাৰ ৰসে দাঁতৰ বিষ দূৰ কৰাত সহায় কৰিব পাৰে। আদাৰ সৰু টুকুৰা কাটি তাৰ ৰস আক্ৰান্ত দাঁতত লগাব পাৰে। ইয়াৰ প্ৰভাৱ অতি সোনকালে দেখা যাব।

৪) হালধি আৰু নিমখ
হালধি আৰু নিমখৰ মিশ্ৰণে দাঁতৰ বিষ কমোৱাত সহায় কৰিব পাৰে। ইয়াৰ বাবে হালধি আৰু নিমখ সৰু সৰুকৈ মিহলাই বিষ হোৱা দাঁতটোত লগালে ভাল ফলাফল দেখা পাব।

৫/ সতেজ নেমুৰ ৰস
নেমুৰ ৰসে দাঁতৰ বিষ কমোৱাত সহায় কৰিব পাৰে। ইয়াৰ বাবে সতেজ নেমুৰ ৰস উলিয়াই বিষ হোৱা দাঁতটোত লগাব লাগে। ইয়াৰ গুণে দাঁতৰ বিষ বহু পৰিমাণে হ্ৰাস কৰিব পাৰে।


Leave A Reply