অভিযুক্ত শ্যামকানু মহন্তৰ (Utapl Sharma) সৈতে আছুৰ সভাপতি উৎপল শৰ্মাৰ ফটোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সম্পৰ্কীয় গোচৰত গ্ৰেপ্তাৰ হোৱা শ্যামকানু মহন্ত বৰ্তমান আৰক্ষীৰ জিম্মাত আছে৷ এইজন শ্যামকানু মহন্তৰে সম্পৰ্ক থকা বিশেষ লোকসকল বৰ্তমান একপ্ৰকাৰ সমালোচনাৰ সন্মুখীন হৈছে৷ বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানত শ্যামকানু মহন্তৰ সৈতে ফটো উঠা তথা ভিডিঅ’ লোৱা সেই বিশেষ ব্যক্তিসকল এতিয়া সামাজিক মাধ্যমত সমালোচিত হৈছে৷ উল্লেখ্য শ্যামকানু মহন্তৰ ‘ৰঙালী’ নামৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল উৎপল শৰ্মাই৷ সেই অনুষ্ঠানত শ্যামকানু মহন্তৰে সৈতে থকা উৎপল শৰ্মাৰ ফটো আৰু ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈছে৷ বিভিন্নজনে বিভিন্ন ধৰণে আছুৰ সভাপতিগৰাকীক সমালোচনা কৰিছে৷ সামজিক মাধ্যমত সৰৱ চৰ্চা হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উৎপল শৰ্মাই৷
এক্সত আছুৰ সভাপতি উৎপল শৰ্মাই কয়– ‘জীৱনৰ শেহতীয়া বিড়ম্বনা এইটোৱেই যে- শ্যামকানু মহন্তৰ সৈতে উঠা ফটো আছে, কিন্তু জুবিন গাৰ্গৰ সৈতে উঠা ফটো মোৰ সৈতে নাই৷ অৱশ্যে এইটোও ঠিক যে শাসক-বিৰোধী দলৰ এনে কোনো জ্যেষ্ঠ নেতা নাই, অসমৰ সমাজ জীৱনৰ এনেকুৱা কোনো পৰিচিত মুখ নাই যাৰ সৈতে শ্যামকানু মহন্তই ফটো উঠি থোৱা নাই৷ কালিৰে পৰা দেখিছো শ্যামকানু মহন্তৰ সৈতে মোৰ দুখন ফটো আৰু এটা ভিডিঅ’ হঠাতে বহুজনে বৰ আগ্ৰহেৰে আপলোড কৰিছে৷’ তেওঁ আৰু কয়– ‘এখন ফটো আৰু একমাত্ৰ ভিডিঅ’টো খানাপাৰাত ‘ৰঙালী’ অনুষ্ঠানত আন বহুকেইটা জাতীয় সংগঠনৰ নেতৃত্বৰ সৈতে মই উপস্থিত থকা কাৰ্যসূচী আৰু আনখন ড॰ সমুজ্জ্বল ভট্টাচাৰ্যৰ মাতৃ বিয়োগৰ খবৰ ল’বলৈ আহি তেওঁ আমাৰ সৈতে উঠা ফটো৷ কেতবোৰ বিশেষ ফেচবুক পেজৰ পৰাও উছাহেৰে আপলোড কৰা হৈছে’ নিজৰ প্ৰতিক্ৰিয়াত উৎপল শৰ্মাই কয়– ‘খানাপাৰা ফিল্ডত ২০২৪ চনৰ জুন মাহত অনুষ্ঠিত ‘ৰঙালী’ অনুষ্ঠানত অংশ গ্ৰহণৰ ফটো ইয়াৰ পূৰ্বলৈকে মোৰ ফেচবুক, টুইটাৰৰ প্ৰ’ফাইলতে উপলব্ধ আছিল৷ এতিয়া ইচ্ছুক লোকসকলে ভগাব পৰাকৈ পৰ্যাপ্ত স্ক্ৰীণশ্ব’ট সংগ্ৰহ কৰিলে বুলি নিশ্চিত হোৱাৰ পিছত সেই পোষ্ট দুটা ডিলিট কৰিছো৷
শ্যামকানুৰ শেহতীয়া কৰ্মকাণ্ডৰ পিছত তেওঁৰ অনুষ্ঠানৰ কিবা স্মৃতি মোৰ সামাজিক মাধ্যছমৰ প্ৰ’ফাইলত ধৰি ৰাখিবলগীয়া আছে বুলি মই আৰু অনুভৱ কৰা নাই৷ মই সেইসকলৰ ভিতৰত নপৰো, যি যোৱা অনুষ্ঠানটোত নাই যোৱা বুলি ক’ম৷’ তেওঁ লগতে কয়, ‘ৰঙালীলৈ এবাৰ গৈছো, তাত অসমৰ বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক ঐতিহ্যতৰ প্ৰতিফলন, থলুৱা খাদ্যৰ আৰু বস্ত্ৰ শিল্পৰ বিপণন দেখি প্ৰশংসাও কৰিছো৷ অৱশ্যে উৎসৱ পতাৰ নামত যে লাখ লাখ চৰকাৰী ধনৰ শৰাধ হয়, তেতিয়া জনা নাছিলো৷ সেয়া ছিংগাপুৰৰ ঘটনাৰ পিছৰ চৰ্চাতহে অৱগত হৈছিলো৷ সেয়ে লগে লগে অৰ্থনৈতিক অপৰাধৰ তদন্তও দাবী কৰিছো৷
আনহাতে আজি আকৌ আছুৰ সভাপতি উৎপল শৰ্মালৈ সামাজিক মাধ্যমত মুকলি চিঠি লিখিছে বিধায়ক অখিল গগৈয়ে।
চিঠিত লিখিছে-
ছাত্ৰ সন্থাৰ সভাপতি উৎপললৈ এখন মুকলি চিঠিঃ
মৰমৰ উৎপল,
“ৰঙালী”ৰ মঞ্চত একেলগে আছুৰ সভাপতি তুমি উৎপল শৰ্মা, নৰ্থ ইষ্ট ফেষ্টিভেলৰ মালিক শ্যামকানু মহন্ত আৰু কেইজনমান জনগোষ্ঠীয় নেতাৰ এটা ভিডিঅ’ পালো, য’ত তুমি এটা উদাত্ত ভাষণ দিছা। আছুৰ সভাপতি উৎপল @Utpal Shrma ৰ আনুষ্ঠানিক ভাষণ আছিল সেইটো। তুমি ৰঙালীৰ মঞ্চত শ্যামকানুৰ ৰঙালীক অসমৰ সামাজিক-সাংস্কৃতিক জগতৰ এক আন্দোলনৰ নাম বুলি ঘোষণা কৰিছা।তোমাৰ মতে ৰঙালী বোলে কোনো ধুমুহাতে উভালি নপৰে! ছাত্ৰ সন্থা বোলে সদায়ে শ্যামকানু মহন্তৰ লগত থাকিব, সফলতাৰ আকাশ চুমিবলৈ!!
Superlative degree ত তুমি শ্যামকানু তথা ৰঙালীক প্ৰশংসাৰে উপচাই পঠিয়াইছা।
কথাখিনি এতিয়া শুনিলে ছাগে উৎপল তোমাৰো অস্বস্তি অনুভৱ হয়, নহয়নে?
উৎপল, মই তোমাতকৈ জ্যেষ্ঠ, সেইবাবে কথা এটা কওঁ।মানুহক সদায়ে সেইবাবেই শুদ্ধ মতাদৰ্শ লাগে। শুদ্ধ মতাদৰ্শ সদায়ে প্ৰগতিশীল। প্ৰগতিশীল মতাদৰ্শই আমাৰ মাজত যুক্তিপূৰ্ণ, সমালোচনাত্মক, critical চিন্তাৰ জন্ম দিয়ে। সমাজখনক, ঘটনা এটাক জনগণৰ, নিঃস্বজনৰ দৃষ্টিভংগীৰে, সমাজৰ গৰিষ্ঠসংখ্যক ৰাইজৰ আৰু তেওঁলোকৰ সাংস্কৃতিক মানৰ মানে way of life দৃষ্টিকোণৰ পৰা চিন্তা কৰাৰ সামৰ্থ্য দিয়ে। যিমান শিক্ষিত হ’লেও কাম নাই, যিমানে পৰিশ্ৰমী হ’লেও ফলাফল শূন্য, যদিহে মানুহৰ বা দল-সংগঠনৰ শুদ্ধ মতাদৰ্শ নাথাকে। সদৌ অসম ছাত্ৰ সন্থাৰ বিপদ এইটোৱে। শুদ্ধ মতাদৰ্শৰ অভাৱতে আছুৰ পৰা বহুত পায়ো অসমে সৰ্বশেষত একো নাপায়গৈ, ওলোটাই আন্দোলনবোৰৰ পৰা অসমৰ সংহতি আৰু সমন্বয়ৰ প্ৰতি বিপদ নামি আহে।চোৱা উৎপল, আমাৰ আধুনিক অসমৰ আটাইকেইজন কাণ্ডাৰী —- জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ, ভূপেন হাজৰিকা আটাইকেইজন প্ৰগতিশীল মতাদৰ্শৰ আছিল। আনকি আমাৰ জুবিনদা স্বঘোষিত সমাজবাদী আদৰ্শৰ। সেইবাবে অসমীয়া জাতিৰ জাতীয় মতাদৰ্শ প্ৰগতিশীল হ’ব লাগে। নহয়নে?
শ্যামকানুৰ পৰা যি বিপদ, জাতিৰ একেই বিপদ তোমাৰ আমাৰ পৰাও হ’ব পাৰে উৎপল, যদিহে আমি সঠিক দৃষ্টিভংগী ল’ব নোৱাৰো।
বেয়া নাপাবা, কথা এটা কওঁ, তোমাৰ বুদ্ধিমত্তা আছে, কিছু পঢ়া-শুনাও আছে যেন লাগে, তুমি ধুনীয়া ভাষণ দিয়া, কিন্তু সঠিক মতাদৰ্শ, সঠিক দৃষ্টিভংগী নাই। ওপৰৰ কথাখিনি তুমি ধুনীয়াকৈ কৈছা, কিন্তু বেঠিক ঠাইত কৈছা, বেঠিক মানুহৰ ক্ষেত্ৰত কৈছা, তোমাৰ মতাদৰ্শই তোমাক শ্যামকানু মহন্তৰ দৰে মানুহৰ প্ৰতি critical হ’বলৈ শিকোৱা নাই।
উৎপল, জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ,ভূপেন হাজৰিকা, (আৰু জুবিনদা )—- আমাৰ আধুনিক সংস্কৃতিৰ Doyenসকলৰ আটায়ে প্ৰগতিশীল মতাদৰ্শৰ আছিল। সেই পথেই অসমীয়া জাতিৰ মুক্তিৰ পথ।আছু অসমৰ আটাইতকৈ প্ৰভাৱশালী জাতীয় সংগঠন হৈও সঁচাকৈ একো ৰূপান্তৰ আছুৰ দ্বাৰা অসম্ভৱ, কেৱল এই সঠিক মতাদৰ্শৰ অভাৱৰ বাবে। সমুজ্জ্বলদাৰ ক্ষেত্ৰতো একেই কথা।আমাৰ সময়ৰ সবাতোকৈ ডাঙৰ জাতীয়তাবাদী নেতা তেওঁ, অসমৰ বাবে বহুত কৰিছে তেওঁ, অসমক বহুত ভাল পায়, সেইবাবে মোৰ অসীম শ্ৰদ্ধা তেওঁৰ প্ৰতি; কিন্তু শেষত ফলাফল নাই। স্থায়ী একো নাপায় সমাজে তেওঁৰ পৰা। বৰং আছুক অধিক প্ৰতিষ্ঠান(Establishment) ৰ লগত যুক্ত কৰা বাবে তেওঁ ইতিহাসৰ ওচৰত জগৰীয়া হৈ ৰৈ যাব।
উৎপল, “কা”বিৰোধী আন্দোলনটোৱে উৎকৃষ্ট উদাহৰণ, কেনেকৈ আছুৱে তাৰ সীমাৱদ্ধতাৰ বাবে জাগ্ৰত সমাজ এখনক নেতৃত্ব দিয়াত ব্যৰ্থ হ’ল।
উৎপল, অসম চুক্তিখনক তুমি শ্ৰেণী বিশ্লেষণ কৰি চালা দেখা পাবা, কেনেকৈ ই আমাৰ জনগণৰ প্ৰধান প্ৰধান সমস্যাবোৰ তুলি ধৰাত ব্যৰ্থ হৈছে।
ব্যক্তিগত স্তৰত নল’বা দেই কথাবোৰ।
এবাৰ ভাবি চাবা।
জীৱনৰ আটাইতকৈ ডাঙৰ বস্তুটো মতাদৰ্শ।শুদ্ধ মতাদৰ্শ। মতাদৰ্শ ভুল হ’লে ভাল কৰিবলৈ গৈও বেয়া হ’ব পাৰে।
পুনৰ তোমালৈ আৰু ছাত্ৰ সন্থাৰ সকলোলৈকে মৰম যাচিলোঁ।
ধন্যবাদেৰে—
অখিল গগৈ।

