ৰাজভৱনত অনুষ্ঠিত এক গুৰু-গম্ভীৰ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ(Utpal Baruah)প্ৰসাদ আচাৰ্যই উৎপল বৰুৱাক ৰাজ্যিক তথ্য আয়ুক্ত হিচাপে শপত গ্ৰহণ কৰোৱায়৷ অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব কৈলাস চান্দ চামৰিয়াই শপত বাক্য পাঠ অনুষ্ঠানৰ কাম-কাজ আৰম্ভ কৰিবলৈ ৰাজ্যপালৰ অনুমতি বিচৰাৰ পিছত তথ্যৰ অধিকাৰ আইন, ২০০৫১ ১৫[৩] ধাৰাৰ অধীনত ৰাজ্যপালগৰাকীয়ে শপত গ্ৰহণ কৰায় ৷
শপত গ্ৰহণ অনুষ্ঠানত ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত, ৰাজভৱনৰ বিশেষ কৰ্তব্যৰত বিষয়া অধ্যাপক বেচন লাল, এ আৰ টি পি পি জিৰ প্ৰধান সচিব দিৱাকৰ নাথ মিশ্ৰ, ৰাজ্যিক তথ্য আয়ুক্ত ড॰ ৰীপ হাজৰিকাকে ধৰি ৰাজ্য চৰকাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷