সমাগত উত্তৰ প্ৰদেশৰ বিধান সভা নিৰ্বাচন। সকলো ৰাজনৈতিক দলে ইতিমধ্যে আৰম্ভ কৰিছে ৰণনীতি প্ৰস্তুত কৰাত। শেহতীয়াকৈ বিজেপি দলেও আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। দলীয় কৰ্মীক মন্ত্ৰণা দিবলৈ শনিবাৰে পুৱা ১১বজাত উত্তৰ প্ৰদেশলৈ ৰাওনা হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । দুদিনীয়া এই ভ্ৰমণসূচীত দলীয় কৰ্মীসকলৰ সৈতে কেইবাখনো বৈঠকত অংশ লব নাড্ডাই। শনিবাৰে নাড্ডাই উত্তৰ প্ৰদেশৰ সকলো মন্ত্ৰীৰ সৈতে বৈঠকত বহিব।

