দেশজুৰি তথা ৰাজ্যৰ চৌদিশে কৰোণা মহামাৰীৰ ভয়াবহ পৰিস্থিতি । চৌদিশে বিভিষিকাময় পৰিবেশৰ মাজতে ৰাজ্য চৰকাৰৰ নিৰ্দেশত স্বাস্থ্য বিভাগে কভিড ভেকচিন প্ৰদান কৰি অহাৰ মাজতে ৰাজ্য চৰকাৰৰ নিৰ্দেশত আজি নলবাৰীৰ শান্তি নিৱাস বৃদ্ধাশ্ৰমৰ আৱাসী সকলৰ মাজত কভিড ভেকচিন প্ৰদান কৰা হয় । সাংবাদিক মজিবুৰ ৰহমানৰ পৰিচালনাত চলি থকা শান্তি নিৱাস বৃদ্ধাশ্ৰমৰ আশ্ৰয়হীন, নিৰ্যাতিত লোকসকলক আজি কভিড ভেকচিন প্ৰদান কৰে নলবাৰীৰ স্বাস্থ্য বিভাগে । জিলা অতিৰিক্ত উপায়ুক্ত উৰ্মি মেধিৰ তত্বাৱধানত ভেকচিন প্ৰদান কৰা হয় । ভেকচিন প্ৰদান অনুষ্ঠানত স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডা: নলিনী বৰ্মনে ভাষন প্ৰদান কৰি আশ্ৰম খনিৰ বয়োজ্যেষ্ঠ নাগৰিক সকলক স্বাস্থ্যৰ প্ৰতি সচেষ্ট হোৱা আৰু সজাগ সচেতন হৈ থাকিবলৈ পৰামৰ্শ প্ৰদান কৰে । ভেকচিন প্ৰদান অনুষ্ঠানটোত উপস্থিত থাকি জিলা প্ৰতিষেধক বিষয়া ডা: হেমন্ত কুমাৰ দাসে কভিড ভেকচিনৰ প্ৰয়োজনীয়তাৰ কথা ব্যক্ত কৰি মাক্স পৰিধান কৰা আৰু সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাই । ভেকচিন লোৱাৰ বাবে আশ্ৰম খনিৰ আৱাসী সকলৰ আগ্ৰহ দেখি উৎফুল্লিত হৈ পৰে বিষয়া দুয়োগৰাকীয়ে । শান্তি নিৱাস বৃদ্ধাশ্ৰমৰ পৰিচালক তথা সাংবাদিক মজিবুৰ ৰহমানে পৰিচালনা কৰা ভেকচিন প্ৰদান অনুস্থানটোত জ্যেষ্ঠ আৱাসী গৌৰি ঘোষৰ আবেগ ভৰা ভাষন আৰু নলিয়া বৰাৰ বিহু গীত-নৃত্য দেখি অভিভূত হৈ পৰে । অনুস্থানটোত স্বাস্থ্য বিভাগৰ জিলা বি-চি -চি-এম তালেবৰ ৰহমান, জ্যেষ্ঠ কৰ্মচাৰী গীতা মজুমদাৰ, গীতুমনি দেবী, গোপাল দেবনাথ আৰু জ্ঞানেন তালুকদাৰ উপস্থিত থাকে ।

