Breaking

মহলীয়াপাৰা আঞ্চলিক ছাত্র সন্থাৰ সহযোগত দলংঘাট মিলন হাইস্কুলত স্বাস্থ্য বিভাগৰ ভেকচিন প্ৰদান

0 563

মহামাৰী কভিড-১৯ৰ ভয়াবহতাৰ প্ৰতি লক্ষ ৰাখি চৰকাৰৰ বিভিন্ন নিয়ম নিয়ম-নীতি নিৰ্ধাৰণ কৰিছে তাৰ লগতে বিভিন্ন প্ৰকাৰে কভিড-১৯ৰ ভেকচিন প্ৰদান কৰিছে। শনিবাৰে দৰং জিলাৰ দলংঘাট মিলন হাইস্কুলত মহলীয়াপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত স্বাস্থ্য বিভাগে ভেকচিন প্ৰদান কৰে। প্ৰতিকুল বতৰকো নেওচি দলংঘাট মিলন হাইস্কুলত ৪৫ বছৰৰ উদ্ধৰ লোকে গ্ৰহন কৰে কভিড-১৯ৰ ভেকচিন। উল্লেখযোগ্য যে, দৰঙৰ মহলীয়াপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত দৰং জিলা স্বাস্থ্য বিভাগেমহলীয়াপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত অঞ্চলত তিনি দিনিয়াকৈ কভিড-১৯ৰ ভেকচিন প্ৰদানৰ কৰে। বৰ্তমান কভিডৰ ভয়াবহ সময়ৰ মাজতে ভেকচিন প্ৰদানত সহযোগ কৰি ৰাইজক সজাগ সচেতন কৰিছে মহলীয়াপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল নাথৰ লগতে আছুৰ কৰ্মী সকলে।ভেকচিন প্ৰদান কাৰ্যসূচীত উপস্থিত থাকে দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ চহৰীয়াৰ লগতে স্হানীয় কেইবাজনো সমাজ সচেতন ব্যক্তি।মহামাৰীৰ কভিড-১৯ৰ আৰম্ভণিৰ পৰাই মহলীয়াপাৰা আঞ্চলিক ছাত্ৰ সন্থাই বৃহত্তৰ মহলীয়াপাৰা-দলংঘাট অঞ্চলত আৰ্থিক ভাবে দুৰ্বল পৰিয়াল সকলক বিভিন্ন সময়ত সহায় সহযোগিতা কৰি অহা পৰিলক্ষিত হৈছে। মহলীয়াপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ এনে পদক্ষেপক শলাগ লৈছে ৰাইজে।

Leave A Reply