Vaibhav Suryavanshi: মোৰ দেউতায়ে মোৰ বাবে বহুত কষ্ট কৰিছেঃ শতক অৰ্জন কৰাৰ পাছতেই এই মন্তব্য বৈভৱ সূৰ্যবংশীৰ

ৰাজস্থান ৰয়েলছৰ হৈ শতক অৰ্জন কৰাৰ(Vaibhav Suryavanshi)পাছতেই সংবাদ মাধ্যমক মন্তব্য কৰি বৈভৱ সূৰ্যবংশীয়ে ক’লে, ‘মোৰ দেউতায়ে মোৰ বাবে বহুত কষ্ট কৰিছে। তেওঁ মোৰ ওপৰত বিশ্বাস ৰাখিছিল। মোৰ বাবে তেওঁ নিজৰ কাম এৰি দিয়ে। বহু বেছি কষ্টৰে ঘৰখন চলাইছিল যদিও দেউতাই মোৰ ওপৰত পৰিশ্ৰম কৰিবলৈ এৰি দিয়া নাছিল। তেওঁৱেই মোক একাডেমীলৈ লৈ গৈছিল। আৰু যেতিয়া কোনোবাই পৰিশ্ৰম কৰে তেতিয়া ভগৱানে দেখে। মোৰ ক্ৰিকেটাৰ হোৱাটো তাৰেই ফল।’

আনহাতে ক্রিকেটাৰ বৈভৱ সূর্যবংশীলৈ বিহাৰ চৰকাৰৰ ১০ লাখ টকাৰ পুৰস্কাৰ। IPLত শতৰান অৰ্জনৰ পিছতে বিহাৰ চৰকাৰৰ পুৰস্কাৰ ঘোষণা বৈভৱলৈ।

Related Articles