Vaibhav Suryavanshi: বিহাৰৰ সন্তানে IPLত অৰ্জন কৰিলে শতক, বৈভৱ সূৰ্যবংশীৰ প্ৰিয় খাদ্য হৈছে লিট্টি চোখা

১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে আই পি এল ২০২৫ত ৩৫টা বলত শতক অৰ্জন কৰি ইতিহাস ৰচনা কৰিলে। খেলা-ধূলা কৰাৰ লগতে তেওঁ খোৱা-বোৱাৰো প্ৰতি আকৰ্ষিত।(Vaibhav Suryavanshi)লিট্টি চোখা তেওঁৰ প্ৰিয়। যদি আপুনিও বিহাৰৰ এই বিখ্যাত খাদ্যৰ সোৱাদ ল’ব বিচাৰে, তেন্তে ঘৰতে এনেকৈ বনাওক…

আজি সকলোতে বৈভৱ সূৰ্য্যবংশীৰ চৰ্চা চলি আছে। কাৰণ ২০২৫ চনৰ আই পি এলত তেওঁৰ ধুমুহাময় বেটিং।২৮ এপ্ৰিলত জয়পুৰত অনুষ্ঠিত ক্ৰিকেট মেচত ১৪ বছৰীয়া বৈভৱে নিজৰ বিস্ফোৰক বেটিঙেৰে সকলোকে আচৰিত কৰি তুলিছিল। ইমান কম বয়সতে আই পি এলত মাত্ৰ ৩৫টা বলত শতক অৰ্জন কৰি সকলোকে আচৰিত কৰি তুলিছিল। তেওঁ আই পি এলত সৰ্বাধিক দ্ৰুত ১০০ ৰান সংগ্ৰহ কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে। লগতে আই পি এলৰ ইতিহাসত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছে। বৈভৱ বিহাৰৰ আৰু ক্ৰিকেট খেলাৰ উপৰিও তেওঁ খোৱা-বোৱাৰ প্ৰতিও আকৰ্ষিত। তেওঁৰ প্ৰিয় খাদ্যৰ বিষয়ে জানিলে আপুনি আচৰিত হ’ব। আচলতে বৈভৱে বিহাৰৰ বিখ্যাত আৰু পৰম্পৰাগত ব্যঞ্জন লিট্টি চোখা খাই ভাল পায়।(Vaibhav Suryavanshi favorite food)

লিট্টি চোখা এতিয়া বিহাৰৰ লগতে দেশৰ বহু ৰাজ্যৰ মানুহৰ প্ৰিয় খাদ্য হিচাপে পৰিগণিত হৈছে। এই ৰেচিপিটো অতি সোৱাদযুক্ত আৰু পুষ্টিকৰ। আপুনি নিশ্চয় ৰাস্তাৰ দাঁতিকাষৰীয়া দোকান, ৰেষ্টুৰেণ্ট আদিত লিট্টি চোখাৰ সোৱাদ লৈছে।

Related Articles