Breaking

ভেলেন্টাইন ডে : যুৱচামৰ বাবে ৰোগ নে ৰুচি?

0 109

প্ৰেমৰ অতুলনীয় শক্তিৰ অনুধাৱন কৰিয়েই কবিয়ে লিখিছিল – “প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘুৰিছে ভূমণ্ডল “। গতিকে প্ৰমৰ শক্তিৰ কথা নতুনকৈ বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই। কেৱল মানৱীয় দৃষ্টিকোণেৰেই নহয়, বৈজ্ঞানিক দিশৰ পৰাও প্ৰেম অতুল শক্তিৰ নামান্তৰ মাত্ৰ। কৃষ্ণ-ৰুক্মীণীৰ প্ৰেম কিম্বা ঊষা- অনিৰুদ্ধৰ প্ৰেম। সকলো প্ৰমতেই একধৰণৰ সাহস আৰু শক্তিয়ে চালিকা শক্তি হিচাপে কাম কৰে। সেই শক্তিৰ বাবেই যুদ্ধত পতন হয় অহংকাৰী ৰূক্ম বীৰৰ , পৰস্পৰৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লয় হৰি আৰু হৰে। এয়া হ’ল জাগতিক জগতত প্ৰচলিত প্ৰেমৰ শক্তিৰ দুটা নমুনাহে। বিশ্ব ইতিহাসত এনে শক্তিৰ নমুনা হাজাৰ হাজাৰ পোৱা যায়।
আমি বছৰটোত বিভিন্ন দিৱস পালন কৰোঁ,তাৰে ভিতৰত আজিকালি নতুন প্ৰজন্মৰ বাবে ১৪ ফেব্ৰুৱাৰীত “ভেলেন্টাইন ডে” উল্লেখনীয়। অৱশ্যে বহুতো ল’ৰা ছোৱালীয়ে ইয়াৰ মূল কাৰণটো নাজানে। কোনোবাই পালন কৰিছে এটা আমোদৰ দিন বুলি,আন কোনোবাই পালন কৰিছে প্ৰেমৰ দিন বুলি। কিছুমানে ৰঙা গোলাপ বিলাইছে, কাৰ্ড বিলাইছে, ইজনে সিজনলৈ, প্ৰেমিক প্ৰেমিকালৈ…বচ ইমানেই।

১৪ ফেব্ৰুৱাৰী ভেলেন্টাইন ডে বা প্ৰেমৰ দিন। কিন্তু প্ৰেমৰ জানো কোনো নিৰ্দিষ্ট দিন থাকিব পাৰে ? ডেৰ হাজাৰ বছৰ আগতে ইউৰোপৰ কোনোবা এজন দুৰ্দান্ত প্ৰেমিক ভেলেন্টাইনক ৪৯৮ চনৰ ১৪ ফেব্ৰুৱাৰীত তেতিয়াৰ এজন নিৰ্দয় ৰজাই ৰাজহুৱা ভাৱে ফাঁচী দিছিল আৰু তেতিয়াৰ পৰাই উক্ত তাৰিখটোক ভেলেন্টাইন দিৱস,এটি শোকৰ দিৱস হিচাপে পালন কৰিবলৈ লয়।আমাৰ ৰামায়ণ মহাভাৰতৰ যুগৰ হাজাৰ হাজাৰ বছৰৰ পৰা স্থায়ী সুখী বংশ পৰিয়াল পাতি বাস কৰা ভাৰতীয় সকলক এই দিৱসটো বাৰু কিয় লাগে ? ডেৰ হাজাৰ বছৰ আগৰ বৰ্বৰ,উশৃংখল ইংৰাজৰ দিৱস বোৰৰ সোঁৱৰণ আমাক কিয় লাগে বাৰু ? যদি ১৪ ফেব্ৰুৱাৰী ডেকা- ডেকেৰী হঁতৰ বাবে প্ৰেমৰ দিৱস বুলি ভবা হয় , ভাৰতীয় ইতিহাসত অনেক অমৰ প্ৰেম কাহিনী আছে তাৰেই এটা পালন কৰক। আমাৰ ১৫/২০ বছৰীয়া স্কুল- কলেজীয়া ডেকা- ডেকেৰী বোৰক কিয়বা লাগে এই দিৱসটো ? ভেলেন্টাইন নামৰ মানুহজনৰ লগত কি সম্পৰ্ক আছে আমাৰ ভাৰতীয় লোকৰ। ভাৰতক লুতি- পুতি খোৱা ইংৰাজ সকলক নকল কৰাটোৱেই আমাৰ স্বভাৱ হ’ল নেকি ? নে এতিয়াও আমি ইংৰাজৰ গোলাম হৈয়ে আছোঁ।


হয় মানিছো গোটেই বিশ্বই পালন কৰে এই দিৱসটো। কিন্তু এই প্ৰেমৰ দিনটোত শাৰীৰিক সম্পৰ্ক, ৰাজহুৱা স্থানত প্ৰেমিক-প্ৰেমিকাৰ অশ্লীল কাৰ্য্যকলাপ , সামাজিক মাধ্যমত অশ্লীল পষ্ট , ষ্টেটাচ আদি বিভিন্ন ধৰণৰ অসামাজিক আচৰণ আদিয়েই কি ভেলেন্টাইন ডে’ ৰ দিনা পালন কৰিব লগীয়া কাম নেকি ? নে এনেবোৰ কাৰ্যকলাপেই সেইদিনাৰ প্ৰম?এনেধৰণৰ অসামাজিক বা অশ্লীল কাৰ্যকলাপৰ পৰা ল’ৰা ছোৱালীয়ে পৰিত্ৰাণ পাবলৈ সচেতন আৰু দায়িত্বশীল পিতৃ- মাতৃ কঠোৰ হ’ব লাগিব। কোনেও কাৰো প্ৰেমৰ বিৰুধী নহয় কিন্তু যি প্ৰেমে সমাজক বেয়া বাৰ্তা দিয়ে বা যি প্ৰেমে নিজৰ লগতে আনৰ জীৱনতো বেয়া প্ৰভাৱ পেলায় তেনে প্ৰেমক দমন কৰিবলৈ কঠোৰ হওঁক পিতৃ মাতৃ আৰু সচেতন ৰাইজ ।


লেখক- উম্মীদ হাচান (লাহৰিঘাট, মৰিগাঁও)
কৰ্ণাটক কলেজ অৱ ফাৰ্মাছি, বাংগালোৰ

Leave A Reply