মৰিগাঁও জিলাৰ কৃষি বিভাগৰ উদ্যোগত মূল্য সংযোজন বিত্তীয় সন্মিলনৰ শুভাৰম্ভ…

মৰিগাঁও জিলা কৃষি বিভাগ আৰু মৰিগাঁও জিলা কৃষি কাৰ্যালয়ৰ কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প (APART) ৰ উদ্যোগত তথা সমাহাৰ প্ৰকল্পৰ অধীনত আজি মৰিগাঁও পবিতৰা প্ৰেক্ষাগৃহত ‘মূল্য সংযোজন বিত্তীয় সন্মিলন’ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ শুভাৰম্ভনি কৰি জিলা আয়ুক্ত শ্ৰীযুত দেবাশীষ শৰ্মাই আধুনিক কৃষি ব্যৱস্থা, কৃষি বিভাগে ৰূপায়ন কৰা বিভিন্ন আঁচনি, কৃষক সকলে দোপত দোপে আগবাঢ়ি যাব লাগিব বুলি মন্তব্য কৰে। সন্মিলনত নগাঁও, দৰং আৰু মৰিগাঁও জিলাৰ বিভিন্ন কৃষক উৎপাদক কোম্পানীৰ বিষয়ববীয়া, খণ্ড কাৰিকৰী প্ৰবন্ধক, সহকাৰী প্ৰযুক্তি প্ৰবন্ধক আৰু প্ৰগতিশীল কৃষক উপস্থিত থাকে।

জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প(APART)ৰ জিলা নডেল বিষয়া তপন কুমাৰ ব্ৰহ্ম, সহকাৰী কৃষি সঞ্চালক ড০ মুনীন শৰ্মা, ৰংগ-দেৰ সম্বন্বয়ক হিমাংশু গায়ন, এপাৰ্টৰ অৰ্থনৈতিক বিশেষজ্ঞ ফজলুল কবিৰ বৰা, প্ৰগাম মেনেজাৰ অংশুমান কাকতি, ই এছ এ এফ প্ৰজেক্ট মেনেজাৰ অৰ্নৱ গোস্বামী, সমোন্নতিৰ মুখ্য প্ৰকল্প বিষয়া পংকজ বৰ্মন, ষ্টেট বেংক অৱ ইণ্ডিয়া, পঞ্জাৱ নেছনেল বেংকৰ মুখ্য পৰিচালক, কালগুদি, গ’ গ্ৰীণ ইত্যাদিৰ বিষয়া তথা প্ৰতিনিধি আৰু জিলা কৃষি বিভাগ আৰু কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প(APART)ৰ বিভিন্ন বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

Related Articles