পশ্চিম গুৱাহাটীৰ উমশ্ৰত বন ধন বিকাশ কেন্দ্ৰ মুকলি

মেঘালয় সীমান্তৱৰ্তী উমশ্ৰু গাঁওত ১৬ ডিচেম্বৰত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সুবিধাৰ্থে  ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত বন ধন বিকাশ কেন্দ্ৰৰ এটা কেন্দ্ৰ মুকলি কৰা হয়। অঞ্চলটোৰ বহুসংখ্যক ৰাইজৰ উপস্থিতিত ৰংমন ট্যুৰিজিম চছাইটিৰ সভাপতি ধ্ৰুৱজ্যোতি দলৈয়ে আঁতধৰা অনুষ্ঠানত কেন্দ্ৰটো মুকলি কৰে আইআইই গুৱাহাটীৰ শিক্ষক প্ৰশান্ত গোস্বামীয়ে।

অনুষ্ঠানত আইআইইৰ প্ৰকল্প সহযোগী গৌৰাংগ বড়ো আৰু ক্লাষ্টাৰ উন্নয়ন কাৰ্যবাহী তাপস কলিতাই ভাষণত কেন্দ্ৰটোৰ পৰা ৰাইজ কিদৰে উপকৃত হ’ব তাৰ বাখ্যা দাঙি ধৰে। অনুষ্ঠানত  বন্ধন বিকাশ কেন্দ্ৰ সমবায় সমিতিৰ সভাপতি লীলা ৰাভা, সম্পাদক পংকজ দলৈ, উপদেষ্টা প্ৰমোদ কলিতা,  সদস্য মাইনাত চাংমা, প্ৰণৱ দলৈ, বিজিত ৰাভা, জিন্টু ৰাভা, সীমান্ত আৰ মাৰাক, দত্ত ৰাভা, বৰণ্য আৰ মাৰাক, সৰ্বানন্দ ৰাভা উপস্থিত থাকে। আনহাতে অনুষ্ঠানত কেবাটাও মহিলা আত্মসহায়ক গোটে ভাগ লোৱাৰ লগতে তেওঁলোকৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰী কৰা হয় ।

জীতুমণি, মিৰ্জা

Related Articles