ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মঙ্গলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ(Van mahotsav)উদ্যোগত আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সহযোগত ৭৬ তম বন মহোৎসৱ উদযাপন উপলক্ষে দিনীয়া জোৰা কাৰ্যসূচী অনুষ্ঠিত হয়। সোমবাৰে অনুষ্ঠিত এই কাৰ্যসূচীত সজাগতা সভা,গছৰ পুলি ৰোপণ,ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠদান,আৰু গ্ৰীষ্মকালীন প্ৰাকৃতিক শিৱিৰ শুভাৰম্ভ কৰা হয়। বেচৰকাৰী পৰিৱেশ সংস্থা আৰণ্যকে এই কাৰ্যসূচীত বিশেষভাৱে সহযোগিতা কৰে।
পুৱা ১০ বজাৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰেক্ষাগৃহত আৰম্ভ হোৱা অনুষ্ঠানত শিলবৰীৰ শংকৰদেৱ জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী, ওৰাং উদ্যানৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ কেইবাটাও সভাপতি-সম্পাদক আৰু স্থানীয় গুণীজনসকলৰ উল্লেখযোগ্য উপস্থিতি থাকে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিবেশ আৰু সাধাৰণ জ্ঞানৰ ওপৰত এক কুইজ প্ৰতিযোগিতা আয়োজন কৰা হয়। লগতে তেওঁলোকে পৰিবেশৰ লগত সংগতি ৰাখি মনোমোহা নৃত্য-গীতৰ পৰিবেশনো কৰে।

অনুষ্ঠানত মঙ্গলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ বিষয়া প্ৰদীপ্ত বৰুৱা, আৰণ্যকৰ বিষয়া আৰিফ আহমেদ, সুপৰিচিত ৱাইল্ডলাইফ ফটোগ্ৰাফাৰ নেজিব আহমেদ,ওৰাং উদ্যানৰ বনপালক প্ৰাঞ্জীৎ ডেকা আদি বিশিষ্ট অতিথিসকলে বন্যপ্ৰাণী সংৰক্ষণ, গছৰ পুলি ৰোপণৰ প্ৰয়োজনীয়তা আৰু পৰিবেশ সংৰক্ষণৰ ওপৰত গৰিষ্ঠভাৱে আলোচনা আগবঢ়ায়।
অনুষ্ঠানৰ অন্তত উপস্থিত প্ৰতিজন ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজক এটি কৰি মূল্যবান গছৰ পুলি বিতৰণ কৰা হয় যাতে তেওঁলোকে নিজৰ অঞ্চলত সেইবোৰ ৰোপণ কৰি পৰিৱেশৰ ৰক্ষাৰ লগতে সজাগতা বৃদ্ধি কৰে।
অনুষ্ঠানখনত মঙ্গলদৈৰ বিশিষ্ট সাংবাদিক ভাৰ্গৱ দাস, নিউজ লাইভৰ হেমন্ত ডেকা, ডি অৱাই ৩৬৫ৰ শ্ৰৱণ কুমাৰ জা, স্থানীয় সমাজকৰ্মী আব্দুল মালেক, স্বপন দাস, বাহাৰুল ইছলাম, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীসকল আৰু শংকৰদেৱ জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষিকাসকলো উপস্থিত থাকে।
বন মহোৎসৱৰ এই কাৰ্যসূচীয়ে পৰিবেশ সজাগতা আৰু বন সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত এক ইতিবাচক বার্তা প্ৰেৰণ কৰিব বুলি আশা কৰা হৈছে।