Vande Bharat sleeper Express: প্ৰথমবাৰৰ বাবে বন্দে ভাৰতৰ খাদ্য সূচীত থাকিব অসমীয়া চহকী খাদ্য সম্ভাৰ

প্ৰধানমন্ত্ৰী(Vande Bharat sleeper Express) নৰেন্দ্ৰ মোদীয়ে শনিবাৰে অসম আৰু পশ্চিম বংগৰ পৰা ৫খন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰে। এই ৰে’লসমূহে উত্তৰ-পূবৰ ৰাজ্যসমূহক উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰতৰ সৈতে সংযোগ কৰিব। সুলভ, আৰামদায়ক আৰু দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ বাবে ৰেলৱেই ডিজাইন কৰিছে অমৃত ভাৰত এক্সপ্ৰেছ। এই ৰেলসমূহত নন-এচি ডবা আছে যদিও চাৰ্জিং পইণ্ট, বায়’-টয়লেট আৰু চিচিটিভিৰ দৰে আধুনিক সুবিধাসমূহ আছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহ্য আৰু সংস্কৃতিক মৰ্যাদা প্ৰদান কৰি প্ৰযুক্তিগত উন্নয়নী যাত্ৰাক আগুৱাই নিয়াত সদায় প্ৰাধান্য দি আহিছে৷ শনিবাৰে ফ্লেগ অফ কৰা প্ৰথম বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ অত্যাধুনিক সকলো সুবিধাৰে সমৃদ্ধ হোৱাৰ লগতে জহা চাউলৰ ভাত, মাটি মাহৰ দাইল, লাবৰা আদি অসমীয়া থলুৱা খাদ্যও উপলব্ধ হ’ব৷



Related Articles