গুজৰাটৰ জামনগৰত ৰাধিকা মাৰ্চেণ্ট আৰু অনন্ত আম্বানীৰ বিশেষ পদক্ষেপ বনতাৰা আজি উদ্বোধন কৰা হয়।(Vantara Inauguration)প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বন্যপ্ৰাণী উদ্ধাৰ, পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰ বনতাৰা উদ্বোধন কৰে। বন্যপ্ৰাণীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে পাৰ কৰিলে বহু সময়।
বনতাৰা উদ্বোধনী অনুষ্ঠানৰ সময়ত ভাৰতীয় সাজ-পোছাক পৰিধান কৰি নীতা আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টক দেখা গ’ল অতি সুন্দৰী ৰূপত।
বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ্বাসন কেন্দ্ৰ উদ্বোধন কৰা সময়ত মুকেশ আম্বানী আৰু নীতা আম্বানীৰ লগতে অনন্ত আম্বানী আৰু কনিষ্ঠ বোৱাৰী ৰাধিকা মাৰ্চেণ্টক প্ৰধানমন্ত্ৰী মোডীৰ সৈতে দেখা গৈছিল।
ৰাধিকা মাৰ্চেণ্ট আৰু অনন্ত আম্বানী বিয়াৰ পিছত দুয়োৰে বেছিভাগ সময় জামনগৰত কটায়। দুয়োজনেই বনতৰাৰ জীৱ-জন্তুৰ মাজত থাকি ভাল পায়।