এছ এছ বিৰ অমৃত মহোৎসৱ উদযাপন উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ন

ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে যোৱা ১০আগষ্টৰ পৰা ১২ আগষ্টলৈ লালপুৰস্থিত এছ এছ বিৰ ২৩নম্বৰ বাহিনীয়ে তিনিদিনীয়াকৈ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰা হয়।এই উপলক্ষে ফুটবল,যোগা আৰু ১২ কি:মি: দৌৰৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়।ভাৰতৰ সকলো নাগৰিক শাৰিৰীক চৰ্চাৰ জৰিয়তে যাতে এক সু-স্বাস্থ্যৰ অধিকাৰী হয় এই লক্ষ্যৰে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰা হয়।এছ এছ বিৰ কাৰ্যবাহী কমাণ্ডেন্ট কাইখ’ আঠিলোৱে সকলো বিষয়া-কৰ্মচাৰী সকলক উৎসাহ তথা অনুপ্ৰেৰণা প্ৰদান কৰাৰ লগতে নিজৰ স্বাস্থ্য আৰু শাৰিৰীক চৰ্চা অব্যাহত ৰাখিবলৈ আহ্বান জনায়।উক্ত তিনিওদিনৰ কাৰ্যসূচীতে এছ এছ বিৰ লালপুলস্থিত অধিকাৰী সকল,বিষয়া-কৰ্মচাৰীৰ লগতে অঞ্চলটোৰ পুৰুষ-মহিলা আৰু যুৱক-যুৱতী সকলে অংশ গ্ৰহন কৰে।

Related Articles