Vastu Shastra: ঘৰৰ মন্দিৰ বা পূজা ঘৰত কি কি বস্তু ৰাখিব নালাগে ক’লে প্ৰেমানন্দ মহাৰাজে, কাৰণ জানিলে আচৰিত হ’ব!

লাখ লাখ লোকে নিজৰ জীৱনত (Vastu Shastra) গ্ৰহণ কৰিছে বৃন্দাবনৰ সাধু প্ৰেমানন্দ মহাৰাজৰ কথা। ঘৰৰ মন্দিৰ বা পূজা ঘৰৰ বিষয়ে তেওঁ কিছুমান গুৰুত্বপূৰ্ণ কথা কয়।

প্ৰেমানন্দ মহাৰাজে মানুহক ভক্তি, প্ৰেম আৰু আধ্যাত্মিকতাৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে। তেওঁৰ বহু অনুৰাগী আছে। আজি আমি প্ৰেমানন্দ মহাৰাজে ঘৰত থকা মন্দিৰৰ বিষয়ে কোৱা কিছুমান অতি গুৰুত্বপূৰ্ণ কথা আপোনালোকক জনাম।

পূজা ঘৰত কি কি বস্তু ৰাখিব নালাগে জানেনে?

পূৰ্বপুৰুষৰ ফটো – ঘৰৰ মন্দিৰ বা পূজা ঘৰত ভগৱানৰ লগত পূৰ্বপুৰুষৰ ফটো নাৰাখিব। পূৰ্বপুৰুষৰ ফটো পৃথকে ৰাখি তাতেই পূজা কৰিব। ভগৱানৰ স্থান পৃথক হ’ব লাগে।

ভঙা মূৰ্তি – ভঙা মূৰ্তি বা ছবি কেতিয়াও পূজা কৰা উচিত নহয়। ঈশ্বৰৰ মূৰ্তি ভাল হ’ব লাগে আৰু মৰমেৰে সজাই থব লাগে। পূজা ঘৰটোও পৰিষ্কাৰ-পৰিচ্ছন্ন হ’ব লাগে।

পূজাৰ ফুল – ভগৱানক নিতৌ সতেজ ফুল আগবঢ়াব। লগতে সময়মতে ঈশ্বৰৰ সন্মুখৰ পৰা আঁতৰাই পেলাব সেই ফুল। নৈবেদ্যৰ থালখনো প্ৰাৰ্থনা ঘৰত ঘণ্টাৰ পিছত ঘণ্টা নাৰাখিব আৰু বাহি ফুলবোৰো নাৰাখিব। ইয়াৰ ফলত নেতিবাচকতা বৃদ্ধি পায়।

Related Articles