Vastu Tips: কোন দিশে মুখ কৰি খাব লাগে খাদ্য?

কেৰিয়াৰত অগ্ৰগতি লাভ কৰা নাই, ঘৰত শান্তিৰ অভাৱ যদি হয়, তেন্তে বাস্তুৰ দোষ ইয়াৰ আঁৰৰ এটা ডাঙৰ কাৰণ হ’ব পাৰে।(Vastu Tips) সঠিক দিশত খোৱা, শোৱা, পূজাৰ বাবে সঠিক স্থান নিৰ্ণয় কৰাটো অতি গুৰুত্বপূৰ্ণ। এই সৰু সৰু পৰিৱৰ্তনে আপোনাৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে। বাস্তু শাস্ত্ৰত কিছুমান সহজ আৰু ফলপ্ৰসূ সমাধান দিয়া হৈছে, যিবোৰ গ্ৰহণ কৰিলে ঘৰলৈ শান্তি অহাই নহয় কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো অগ্ৰগতি লাভ কৰিব পাৰে।

খাদ্য আৰু পানী গ্ৰহণৰ দিশ-

যেতিয়াই পানী খাব তেতিয়াই উত্তৰ-পূব দিশলৈ মুখখন ৰাখিব আৰু খোৱাৰ সময়ত প্লেটখন দক্ষিণ-পূব দিশত ৰাখি পূব দিশত বহি খাব।

শোৱা সঠিক দিশ-

গভীৰ আৰু শান্তিপূৰ্ণ টোপনিৰ বাবে সদায় দক্ষিণ-পশ্চিম কোণত মূৰটো দক্ষিণমুখ কৰি শুব লাগে।

পূজাস্থলীৰ সঠিক স্থান-

যদি ঘৰত পূজাৰ স্থান আছে, তেন্তে উত্তৰ-পূব কোণত ৰাখিব পূজাৰ স্থান।

মূল প্ৰৱেশদ্বাৰত শুভ প্ৰতীক স্থাপন-

প্ৰগতিৰ বাবে মূল দুৱাৰৰ ওপৰত স্বস্তিকা, ওম, কলহ আদি শুভ প্ৰতীক স্থাপন কৰিব।

আপোনাৰ দোকান আৰু ব্যৱসায়ত এইবোৰ কথা মনত ৰাখিব-

ভাগৱানৰ মূৰ্তি স্থাপন কৰক

দোকানৰ পূব আৰু উত্তৰ ফালৰ মাজত মাটিৰ মূৰ্তি বা গণেশ লক্ষ্মীৰ ছবি ৰাখক। পুৱা আৰু গধূলি নিয়মিতভাৱে চাকি জ্বলাব।

নগদ ধন ৰাখক-

নগদ ধনৰ বাকচটো উত্তৰ দিশলৈ মুখ কৰি ৰাখিব লাগে। কুবেৰ আৰু গণেশ উত্তৰ দিশত বাস কৰে, যাৰ ফলত ধন-সম্পত্তি বৃদ্ধি পায়। মনত ৰাখিব যে উত্তৰ দিশত চেফৰ ওচৰত ডাষ্টবিন থাকিব নালাগে।

বহাৰ সঠিক দিশ-

দোকানৰ মালিক বা অফিচৰ বছ উত্তৰ দিশলৈ মুখ কৰি বহিব লাগে। খালী বটল বা খালী গিলাচ কেতিয়াও টেবুলত ৰাখিব নালাগে। পানীৰে ভৰা গিলাচ এটাই সমৃদ্ধিশালী কৰে, গতিকে বটল আৰু গিলাচ পানীৰে ভৰাই ৰাখিব লাগে।

Related Articles