Breaking

চিন্ময় বৰালৈ বীৰ চিলাৰায় বঁটা ২০২৩-২৪

0 59

এন চি চি গুৱাহাটীৰ ১ নং অসম বেটেলিয়নৰ জ্যেষ্ঠ অধীনস্থ বিষয়া তথা কটন বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ স্নাতকৰ ছাত্ৰ চিন্ময় বৰাই এন চি চি ছিনিয়ৰ ডিভিজন ল’ৰা শাখাত লাভ কৰে ২০২৩-২৪ বৰ্ষৰ বীৰ চিলাৰায় বঁটা।

চিন্ময় বৰাক এই বঁটা প্ৰদান কৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ে।

২০২৩-২৪ চনৰ যুৱ বিনিময় কাৰ্যসূচীৰ অধীনত ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গ ভ্ৰমণ কৰা এনচিচি সঞ্চালকালয় এন ই আৰ (NER)ৰ পৰা এনচিচি কেডেট প্ৰতিনিধি দললৈ নিৰ্বাচিত হোৱা একমাত্ৰ সদস্য আছিল চিন্ময়।

তেওঁ গুৱাহাটীৰ দিছপুৰৰ ড॰ মেৰী বৰুৱা আৰু সুনীল কুমাৰ বৰাৰ পুত্ৰ।

Leave A Reply