পেঙেৰীত বীৰ লাচিত সেনা, বৰডুমচা-পেঙেৰী আঞ্চলিক সমিতিয়ে জব্দ কৰিলে গৰু ভৰ্তি বাহন…

ৰাজ্যত অব্যাহত আছে গৰু অবৈধ সৰহবৰাহ। বিশেষকৈ গৰু সৰবৰাহৰ মূল কেন্দ্ৰ বিন্দু হৈ তিনিচুকীয়া জিলা অসম-অৰুণাচল সীমান্ত অঞ্চল। বৰডুমচা, ডিৰাক সীমান্তয়েদি অৰুণাচল প্ৰদেশৰ পৰা প্ৰতিদিনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হৈ আহিছে অবৈধভাৱে গো ধন। বিশেষকৈ বৰডুমচা সাপ্তাহিক বজাৰ পৰা গো মাফিয়াই প্ৰতি বৃহস্পতিবাৰে ১ হাজাৰতকৈ অধিক গৰু কোনো কেটেল পাৰ্মিট নথকাকৈ ফিল’বাৰী, পেঙেৰী থানাৰ সন্মুখেদিয়েই সৰবৰাহ কৰি আহিছে বুলি অভিযোগ উঠিছে।

শুক্ৰবাৰে AS 02 DC 2678 নম্বৰৰ টাটা য়োদ্ধা বাহনে নটাকৈ (৯) গৰু অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা ডিব্ৰুগড়লৈ কোনো নথি-পত্ৰ অবিহনে সৰবৰাহ কৰিবলৈ বিচৰা সময়তে ডিগবৈ বৰডুমচা সংযোগী পথৰ পেঙেৰীত জব্দ কৰে বীৰ লাচিত সেনা, বৰডুমচা-পেঙেৰী আঞ্চলিক সমিতিয়ে। জব্দকৃত বাহনখন পিছত পেঙেৰী আৰক্ষীক গতাই দিয়ে।গৰু সৰবৰাহ কৰা বাহনৰ চালকৰ পৰা জানিব পৰা মতে গৰু সমুহ ডিব্ৰুগড়, মৰাণৰ গৰু ব্যৱসায়ী অসীম টিখৰীয়াল ওৰফে মাইনাই অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা কোনো কেটেল পাৰ্মিট নথকাকৈয়ে লৈ আহিছিল। বীৰ লাচিত সেনা বৰডুমচা-পেঙেৰী আঞ্চলিক সমিতিয়ে কেটেল পাৰ্মিট নথকাকৈ গো ধন সৰবৰাহ কৰা গো মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Related Articles