কোনো কাৰণতে বাছ ভাড়া বৃদ্ধি কৰিব নোৱাৰিব সদৌ অসম মটৰ পৰিবহন সন্থাই। শুকুৰবাৰে মালিক সন্থাক তীব্ৰ সকীয়নি পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। পাটোৱাৰীয়ে কয় যে, ‘এইটো উচিত সময় নহয়। যদি কৰবাত কোনোৱে ভাড়া বেছিকৈ লয়, পৰিবহণ বিভাগক অভিযোগ দিলেই বাতিল হ’ব বাহনৰ অনুজ্ঞাপত্ৰ। মই পূৰ্বেও কৈছো, এতিয়াও কম ভাড়া নাবাঢ়ে। এইটো অদ্ভুদ সূত্ৰ, কৰ পৰা কোনে কেনেকৈ ৭০ শতাংশ বৃদ্ধি কৰিব পাৰিব? মুঠতে ভাড়া নাবাঢ়ে।’
আজি জিলা পৰিবহণ বিষয়া সকলৰ সৈতে পৰিবহণ মন্ত্ৰী পাটোৱাৰীয়ে এখন সন্মিলনত অংশগ্ৰহণ কৰে। অসম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত অনুষ্ঠিত হৈছিল বৈঠক। আৰু বৈঠকৰ অন্তত এই মন্তব্য কৰে মন্ত্ৰী পাটোৱাৰীয়ে।

