প্ৰবীন অভিনেতা টংক দত্তৰ ওপজা দিন উদযাপন

দেৰগাঁৱৰ বিশিষ্ট সমাজকৰ্মী, প্ৰবীণ অভিনেতা টংক দত্তৰ ৯২ বছৰীয়া ওপজা দিন পালন কৰে দেৰগাঁও আঞ্চলিক নামকীৰ্তণ আৰু শংকৰী কলা কৃষ্টি বিকাশ সমিতিয়ে৷ ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰি সমাজসেৱী জনক জন্মদিনৰ ওলগ জনায়। সমাজকৰ্মী গৰাকীৰ বাসগৃহত অনুষ্ঠিত অনুষ্ঠানৰ আঁতধৰে সমিতিৰ সম্পাদক বুবুল চন্দ্ৰ বৰাই। সমিতিৰ সভাপতি সমুদ্ৰ দুৱৰা প্ৰমুখ্যে বিষয়ববীয়া তথা অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰফুল্ল বৰা, প্ৰদীপ বৰা, শিল্পী বিৰেন্দ্ৰ কুমাৰ বৰা, বিজয় কুমাৰ দত্ত, প্ৰফুল্ল হাজৰিকা, দেৰগাঁও সাংবাদিক সংস্থাৰ সভাপতি বিচিত্ৰ ভূষণ কলিতা আদিয়ে অনুষ্ঠানত ভাগলৈ সমাজকৰ্মী গৰাকীৰ কৰ্মজীৱনৰ বিভিন্ন দিশ, আৰু সমাজলৈ অৱদান বাখ্যা কৰি ব্যক্তিগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।দেৰগাঁও সাংবাদিক সংস্থাৰ তৰফৰ পৰাও আনুষ্ঠানিক ভাৱে টংক দত্তক সম্বৰ্ধনা জনোৱা অনুষ্ঠানটোত আঞ্চলিক নামকীৰ্তণ সমিতিয়ে গামোচা, উপহাৰৰ টোপোলা, অভিনন্দন পত্ৰৰে জন্মদিনৰ ওলগ জ্ঞাপন কৰাৰ লগতে পৰিয়াল আৰু বহুকেইজন ব্যক্তিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে।

Related Articles