অসমীয়া চলচ্চিত্ৰ জগতৰ অভিজ্ঞ অভিনেত্ৰী স্বৰ্ণ ৰাজখোৱাৰ দেহাৱসান

গুৱাহাটী, ৬ মাৰ্চ: অসমীয়া চলচ্চিত্ৰ জগতৰ অভিজ্ঞ অভিনেত্ৰী স্বৰ্ণ ৰাজখোৱা আৰু নাই। ৭৬ বছৰ বয়সত, ৫ মাৰ্চ ২০২৫ তাৰিখে গুৱাহাটী পাঞ্জাবাৰীৰ নিজ বাসভৱনত তেওঁৰ দেহাৱসান ঘটে। স্বৰ্ণ ৰাজখোৱাৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক তথা চলচ্চিত্ৰ জগতত গভীৰ শোকৰ ছাঁ পৰিছে।

স্বৰ্ণ ৰাজখোৱাই ‘মোহমুক্তি’ নামৰ জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জগতত পৰিচিতি লাভ কৰিছিল। লগতে বহুতো ধাৰাবাহিক আৰু ছুটি ছবিত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল। অভিনয় জগতৰ বাহিৰেও তেওঁ এজনী ধৰ্মপ্ৰাণ, সমাজসেৱী, আৰু সাদৰী মহিলা হিচাপে জনাজাত আছিল।

স্বৰ্ণ ৰাজখোৱাই মৃত্যুৰ সময়ত পুত্ৰ-বোৱাৰী, আৰু দুজনী জীয়ৰীকে ইহসংসাৰত এৰি থৈ যায়। প্ৰয়াত অভিনেত্ৰীগৰাকী নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কৰ্মৰত পুৰস্কাৰপ্ৰাপ্ত সাংবাদিক অনুপম ৰাজখোৱাৰ মাতৃ আছিল।

তেওঁৰ আকস্মিক দেহাৱসানত অসমৰ সংস্কৃতি জগতৰ বহু গণ্যমান্য ব্যক্তি, অভিনয় শিল্পী, আৰু শুভাকাঙ্ক্ষীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

Related Articles