Breaking

লখিমপুৰত বিজেপিৰ প্ৰতি মোহভংগ প্ৰবীণ বিজেপি নেতাৰ; গেৰুৱাবসন এৰি হাতৰ শৰণাপন্ন

0 117

লখিমপুৰত বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিলে বহুকেইগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতাই ৷ বিজেপিৰ নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈ দল এৰিবলৈ বাধ্য হৈছে লখিমপুৰত বহু নিষ্ঠাবান বিজেপি কৰ্মীয়ে৷ প্ৰাক্তন জিলা সভাপতি সহ শুকুৰবাৰে বহু কেইগৰাকী প্ৰবীণ নেতাই আনুষ্ঠানিকভাৱে যোগদান কৰিলে কংগ্ৰেছ দলত৷

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ উপস্থিতিত সভাপতি গৰাকীৰ ভোগপুৰস্থিত বাসগৃহত আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিৰ নেতাকেইগৰাকীয়ে ৷ এই উদ্দেশ্য অনুষ্ঠিত হয় এক যোগদান কাৰ্যসূচী । লখিমপুৰ জিলাৰ তিনি গৰাকী ছাত্ৰ নেতাৰ লগতে ১৪ গৰাকী জ্যেষ্ঠ বিজেপি নেতাই বিজেপিৰ প্ৰতি মোহভঙ্গ হৈ কংগ্ৰেছ দলটোত যোগদান কৰে।

লখিমপুৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি কুশ শর্মা, প্রাক্তন উপ-সভাপতি নাৰায়ণ বৰুৱা, প্ৰাক্তন জিলা সাধাৰণ সম্পাদক জ্যোতি বৰগোঁহাই, বিজেপি কিষাণ মৰ্চাৰ প্ৰাক্তন জিলা সভাপতি কুশল হাজৰিকা, জিলা বিজেপিৰ মিডিয়া বিভাগৰ প্ৰাক্তন সমন্বয়ক নিত্য মিলি সহ ১৪ গৰাকীয়ে আজি আনুষ্ঠানিকভাৱে যোগদান কৰে কংগ্ৰেছদলত ৷

এই যোগদান কাৰ্যসূচীত জিলা কংগ্ৰেছৰ সভাপতি গগণ বৰাৰ অন্যান্য নেতাসকল অংশগ্ৰহণ কৰি তেওঁলোকক দলটোলৈ আদৰি আনে ৷ এই যোগদান কাৰ্যসূচীৰ অন্তত সাংবাদিকেৰে হোৱা সাক্ষাৎকাৰত কেতবোৰ বিস্ফোৰক মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই৷ বিজেপিৰ চৰকাৰে অসমত কেৱল এটা পৰিয়ালৰ কথা চিন্তা কৰে বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালকে টাৰ্গেত কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই অভিযোগ কৰি কয় যে ,মুখ্যমন্ত্ৰী ড° শৰ্মাই তেওঁৰ পৰিয়ালটো সন্তুষ্ট হোৱাৰ পিছতহে বাকী ৰাইজৰ সা সুবিধা লাভ কথা চিন্তা কৰে । ইয়াৰোপৰি সভাপতি বৰাই অভিযোগ কৰি কয় বৰ্তমান বিজপিৰ শ্ল’গান হৈছে পদূলিয়ে পদূলিয়ে টোল গেট।

সৰ্বসাধাৰণ ৰাইজৰ কথা চিন্তা নকৰি কেৱল কৌশলেৰে শোষণ কৰাটোৱেই বিজেপি চৰকাৰৰ এতিয়া মূল লক্ষ্য হৈ পৰিছে৷ বিজেপিৰ ৰাজনীতি এতিয়া সেৱাৰ ৰাজনীতি নহয়, বিজেপিৰ ৰাজনীতি শোষণ আৰু লুণ্ঠনৰ ৰাজনীতি বুলিহে তেওঁ বক্তব্যত উল্লেখ কৰে৷ বৰ্তমান বিজেপিৰ একাংশই ৰাৱণৰ ভূমিকা লৈছে বুলি উল্লেখ কৰি অদূৰভৱিষ্যতে বিজেপি নেতাৰ পৰিণতি ৰাৱণৰ দৰেই হব বুলি তেওঁ সকীয়াই দিয়ে৷ পঘা পুৰি শেষ হ’লেও পাক নেৰে উদ্বৃতিৰে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে সভাপতি ভূপেন বৰাই।

শাসনাধিষ্ঠিত বিজেপি দল আৰু চৰকাৰৰ জনবিৰোধী কাৰ্যৰ প্ৰতিবাদ জনাই উক্ত দলটোৰ লগতে সহযোগী আন দলৰে৷ বহু জ্যেষ্ঠ নেতাই এতিয়া কংগ্ৰেছ দলত যোগদান কৰিবলৈ আগ্রহী হৈ পৰিছে বুলি তেওঁ দাবী কৰে ৷ উল্লেখ্য যে, বিজেপি দল আৰু চৰকাৰৰ লগতে তেওঁলোকৰ অংশীদাৰ দলসমূহে চৰকাৰ পৰিচালনা কৰাৰ নামত যোৱা ৭ বছৰে ৰাইজক যি আভুৱা ভাৰি আহিছে তাৰ বিৰুদ্ধে এতিয়া সমগ্ৰ ৰাজ্যতে প্ৰতিবাদৰ জোৱাৰ উঠিবলৈ আৰম্ভ কৰিছে।

ইয়াৰ মাজতে কংগ্ৰেছ দলে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কৰা ভাৰত জোড়ো যাত্ৰা আৰু অসমতো প্রদেশ কংগ্ৰেছে জনতাৰ কাষলৈ যোৱা কাৰ্যসূচী হাতত লোৱাৰ পিছতে বিভিন্ন দলৰ নেতাই কংগ্ৰেছলৈ আহিবলৈ আগ্রহ প্ৰকাশ কৰিছে।

উল্লেখ্য যে অহা ১১ অক্টোবৰৰ পৰা শাসকীয় বিজেপি আৰু বিজেপিৰ সহযোগী বিভিন্ন দলৰ একাধিক জ্যেষ্ঠ নেতাই কংগ্ৰেছ দলত যোগ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু এই প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি সভাপতি ভূপেন বৰাই উল্লেখ কৰে৷

Leave A Reply