Breaking

ভাৰতীয় দলৰ অভিজ্ঞ পেচাৰ ভুৱনেশ্বৰ কুমাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে এক অনন্য অভিলেখ গঢ়াৰ সুযোগ লাভ… 

0 63

টি-২০ বিশ্বকাপৰ ব্যৰ্থতা পাহৰি আজিৰ পৰা তিনিখনীয়া মেচৰ টি-২০ শৃংখলাত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰত। অধিনায়ক ৰোহিত শৰ্মাৰ লগতে কোহলী, ৰাহুলসহ কেইবাগৰাকীও জেষ্ঠ খেলুৱৈৰ অনুপস্থিতিত হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বত ঘৰুৱা দলটোৰ বিৰুদ্ধে আজি ৱেলিংটনত অভিযান আৰম্ভ কৰিব ভাৰতে।

এই মেচখনৰ সময়তে ভাৰতীয় দলৰ অভিজ্ঞ পেচাৰ ভুৱনেশ্বৰ কুমাৰে ক্ৰিকেটৰ এই চুটি ফৰ্মেটটোত এক অনন্য অভিলেখ গঢ়াৰ সুযোগ লাভ কৰিছে। নিউজিলেণ্ডৰ বিৰুদ্ধে যদি শৃংখলাটোত আৰু চাৰিটা উইকেট দখল কৰে, তেন্তে ভুৱনেশ্বৰ এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক উইকেট দখল কৰা বলাৰ হিচাপে পৰিগণিত হ’ব।

২০২২ চনত এতিয়ালৈকে তাৰকা পেচাৰগৰাকীয়ে ৩০খন মেচত ৩৬টা উইকেট দখল কৰিছে। বৰ্তমান এই অভিলেখ আছে আয়াৰলেণ্ডৰ পেচাৰ জছুৱা ব্রায়ান লিটলৰ হাতত। সদ্যসমাপ্ত টি-২০ বিশ্বকাপত আকৰ্ষণীয় বলিঙেৰে দৃষ্টি আকৰ্ষণ কৰা লিটলে ২০২২ চনত ৩৯টা উইকেট দখল কৰিছে।

উল্লেখ্য যে টি-২০ বিশ্বকাপৰ সময়ত ভুৱনেশ্বৰ টি-২০ ফৰ্মেটত ভাৰতৰ সৰ্বকালৰ সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপে পৰিগণিত হয়। সামগ্ৰিকভাৱে টি-২০ আন্ত:ৰাষ্ট্ৰীয় ফৰ্মেটত ভুৱনেশ্বৰে ৮৯টা উইকেট দখল কৰিছে।

Leave A Reply