Breaking

প্ৰবীণ নাট্যকাৰ, অভিনেতা তথা ‘শ্ৰীগুৰু’ থিয়েটাৰৰ প্ৰযোজক নেত্ৰকমল বৰঠাকুৰৰ দেহাৱসান…

0 75

প্ৰবীণ নাট্যকাৰ, অভিনেতা তথা ‘শ্ৰীগুৰু’ থিয়েটাৰৰ প্ৰযোজক নেত্ৰকমল বৰঠাকুৰৰ দেহাৱসান। আজি পুৱা নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে নেত্ৰকমল বৰঠাকুৰে

প্ৰয়াত বৰঠাকুৰ আছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী। নাট্যক্ষেত্ৰৰ উপৰিও তেওঁ আছিল এগৰাকী শিক্ষক। অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত তেওঁ আছিল সক্ৰিয় অংশগ্ৰহণকাৰী।

৮৮ বৰ্ষীয়া এইগৰাকী বহুমুখী প্ৰতিভাধৰ আছিল সুদক্ষ অভিনেতা, নাট পৰিচালক। অসমৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰৰ ‘নটৰাজ’ থিয়েটাৰত তেওঁ গ্ৰেজুৱেট শিক্ষকৰ চাকৰি এৰি যোগদান কৰিছিলগৈ।

সেই সময়ত এয়া আছিল একেবাৰে নাভূত-নাশ্ৰুত কথা। নাট্যজগতত অভিনেতা হিচাপে খোপনি পোতাৰ পাছতে তেওঁ ‘শ্ৰীগুৰু’ ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰিছিল।

নাট্যকাৰ হিচাপে বিশেষ খ্যাতি অৰ্জন কৰা নেত্ৰকমল বৰঠাকুৰৰ এখন জনপ্ৰিয় নাট ‘বলিয়া হাতী’। তেওঁ ৰচনা কৰা আন কেইবাখনো নাটকে বিশেষ সমাদৰ লাভ কৰিছিল। লগতে তেখেতে হাতীচোং অঞ্চলৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰো নেতৃত্ব বহন কৰিছিল । এইগৰাকী বহুমুখী প্ৰতিভাৰ মৃত্যুত সমগ্ৰ নগাওঁ জিলাতেই শোকৰ ছাঁ পৰিছে।

Leave A Reply