Breaking

পশ্চিম নলবাৰীৰ প্ৰবীণ অভিনেতা ফাইজুৰ ৰহমান জীৱনজোৰা শিল্পী সাধনা বঁটা প্ৰদান

0 2,055

পশ্চিম নলবাৰী জিলাৰ চামতাৰ প্ৰবীণ অভিনয় শিল্পী ফাইজুৰ ৰহমানক আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান আৰোহণ আৰ্টিষ্ট গীল্ডে কালি  এই বৰ্ষৰ সন্মানজনক “জীৱনজোৰা আৰোহণ শিল্পী বঁটা” বটাঁ প্ৰদান কৰে । উল্লেখ্য যে, ৰাজ্যখনৰ সাহিত্য-সাংস্কৃতিক-সামাজিক ক্ষেত্ৰখনত বিশেষ ভূমিকা পালন কৰি অহা আৰোহণ আৰ্টিষ্ট গীল্ডৰ উদ্যোগত বিগত ২০ টা বৰ্ষৰ দৰে অজি গুৱাহাটীত ২১ সংখ্যক আৰোহণ বঁটা প্ৰদান অনুষ্ঠানটো আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্মদিনৰ লগত সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানতে সুদীৰ্ঘ বছৰ ধৰি মঞ্চ-নাটক, চিনেমা, টিভি ধাৰাবাহিক আদিত সুঅভিনয়ৰ জৰিয়তে সাংস্কৃতিক ক্ষেত্ৰখনৰ উত্তৰণৰ হকে নিষ্ঠাৰে আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে চামতাৰ বিশিষ্ট অভিনেতা ফাইজুৰ ৰহমানক জীৱনজোৰা সাধনা বটাঁ প্ৰদান কৰে ৷ স্মৰ্তব্য যে চামতাৰ মাদ্ৰাছা চুবুৰি নিবাসী প্ৰয়াত ফৰজান আলী আৰু প্ৰয়াত ঠগজান বিবিৰ পুত্ৰ, অভিনেতা, ফাইজুৰ ৰহমান (৫৬)-এ ১৯৮০ চনৰে পৰা নাট্যাভিনয় ক্ষেত্ৰখনৰ লগত জড়িত হৈ ১৯৮৫ চনৰে পৰা বৰ্তমানলৈকে বিভিন্ন যাত্ৰা, নাট্যদলৰ মঞ্চত নিয়মীয়া শিল্পী হিচাপে বলিষ্ঠ অভিনয় আগবঢ়াই আছে । স্কুলীয়া দিনতে নাট্যকাৰ হেমন্ত কুমাৰ শৰ্মাৰ ‘জ’কা’ নাটকৰ এটি মুখ্য চৰিত্ৰত অভিনয় কৰি সকলোৰে ভূয়সী প্ৰশংসা বুটলা ফাইজুৰ ৰহমানে চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একেৰাহে দুবছৰ শ্ৰেষ্ঠ অভিনেতা আৰু কামৰূপ মহাবিদ্যালয়ত একেৰাহে দুবছৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিবলৈ সক্ষম হোৱাৰ উপৰি জিলা তথা ৰাজ্যিক ভিত্তিত সম্পন্ন হোৱা বিভিন্ন নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠতম পুৰস্কাৰ অৰ্জন কৰিছিল । শিল্পী ৰহমানে ইতিপূৰ্বে ডঃ খগেন ডেকাৰ ‘দেৱদাসী’, ভৱেন বৰুৱাৰ ‘দেৱতা’, হেমন্ত দত্তৰ ‘জুই’, উগ্ৰ মেনাৰ ‘মন্দিৰ মছজিদ’, হেমন্ত শৰ্মাৰ ‘ভালুকৰ সাঙী’ প্ৰমুখ্যে ভালেসংখ্যক এমেচাৰ নাটকতো অভিনয় কৰি নিজৰ অভিনয় দক্ষতা প্ৰদৰ্শন কৰিছে । অভিনেতা ৰহমানে ১৯৮৫ চনৰে পৰা একেধাৰে ক্ৰমে ‘মা দময়ন্তী আৰ্ট থিয়েটাৰ’, ‘অপসৰা থিয়েটাৰ’, ‘কামৰূপা শিল্পী তীৰ্থ’, ‘পিপলিবাৰী নাট্য সমিতি’, ‘পিপলিবাৰী নাট্য সমাজ’, ‘জ্ঞানোদয় শিল্পী তীৰ্থ’, ‘জানমণি নাট্য সমাজ’, ‘ৰূপজ্যোতি নাট্য সমাজ’, ‘মঞ্চৰূপা শিল্পী তীৰ্থ’, ‘সৰ্থেবাৰী যাত্ৰিক থিয়েটাৰ’, ‘পূৰ্ণিমা যাত্ৰিক থিয়েটাৰ’, ‘সুৰভি যাত্ৰিক থিয়েটাৰ’, ‘শ্ৰীশ্ৰী নাৰায়ণ নাট্য পৰিষদ’, ‘অভিনন্দন যাত্ৰিক থিয়েটাৰ’, ‘পাপৰি মিনি থিয়েটাৰ’, ‘অপৰূপা মিনি থিয়েটাৰ’, ‘ভাগ্যশ্ৰী মিনি থিয়েটাৰ’, ‘অনুভূতি মিনি থিয়েটাৰ’ আৰু ‘ৰূপজ্যোতি নাট্য সমাজ’ নাট্যদলৰ মঞ্চত প্ৰায় শতাধিক নাটকত অভিনয় কৰিছে । ‘তুমি মোৰ কল্পনা’ কথাছবি, ‘আমাক অলপ মাটি দিয়া’ তথ্যচিত্ৰ, ‘গুৱাহাটী-গুৱাহাটী’ ধাৰাবাহিক, ‘আং দাইনি ন’ঙা’ চুটিছবি আদিত অভিনয় কৰাৰ উপৰি গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ যুৱ-বাণী অনুষ্ঠানতো ৰেডিঅ’ নাটক কৰা অভিনেতা, শিক্ষক ফাইজুৰ ৰহমান আৰোহণ আৰ্টিষ্ট গীল্ডৰ এই জীৱনজোৰা শিল্পী সাধনা বঁটা লাভত চামতা তথা পশ্চিম নলবাৰী অঞ্চলবাসীয়ে আনন্দ প্ৰকাশ কৰিছে । 

Leave A Reply